অসম

assam

Robbery in Nalbari: কাপলাবড়ীৰ ডকাইতিত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ

By

Published : Feb 5, 2023, 2:55 PM IST

Updated : Feb 5, 2023, 4:41 PM IST

নলবাৰীৰ কাপলাবড়ীত চাঞ্চল্যকৰ ডকাইতিকাণ্ডত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ (Robbery in Mukalmua at Kapalabadi)। মঙলবাৰে নিশা কাপলাবড়ীত এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । ইয়াৰ মাজতেই আৰক্ষীৰ জালত পৰিল ডকাইতটো ।

Sensational robbery in Mukalmua at Kapalabadi
কাপলাবড়ীৰ গৃহৰ পৰা গ্ৰেপ্তাৰ ডকাইট

কাপলাবড়ীৰ গৃহৰ পৰা গ্ৰেপ্তাৰ ডকাইট

নলবাৰী, ৫ ফেব্ৰুৱাৰী:নলবাৰী জিলাৰ কাপলাবড়ীৰ চাঞ্চল্যকৰ ডকাইতিকাণ্ডত জড়িত আন এটা ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Robber arrested at Kaplabari in Nalbari)। কাপলাবড়ীৰ পৰা মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতটোক । চাঞ্চল্যকৰ ডকাইতিত জড়িত ধৃত ডকাইতটোৰ নাম চমিৰুদ্দিন আহমেদ । মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত দেওবাৰে আৰক্ষীৰ দল এটাই ডকাইতটোক জিলাখনৰ কাপলাবড়ীৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে যোৱা মঙলবাৰে নিশা কাপলাবড়ীত এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছিল (Sensational robbery in Mukalmua at Kapalabadi)। কাপলাবড়ী চ'ক বজাৰত থকা দোকান বন্ধ কৰি থকা অৱস্থাতেই ডকাইতৰ দল এটাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল দুই ব্যৱসায়ী আমিৰ আলী প্ৰধানী আৰু পৰাণ আলীক । আমিৰ আলী প্ৰধানী নামৰ ব্যৱসায়ী এজনক আক্ৰমণ কৰি ডকাইতৰ দল এটাই নগদ ১১ লাখ টকা লুটি নিছিল । ইপিনে, আমিৰ আলী প্ৰধানীৰ লগতে আন এজন ব্যৱসায়ী পৰাণ আলীকো এই ডকাইতৰ দলটোৱে আক্ৰমণ কৰি ধন লুটি নিছিল ।

এই ডকাইতিকাণ্ড সংঘটিত কৰি দলটো বাহন এখনেৰে পলায়ন কৰে । ডকাইতি কৰি তীব্ৰ গতিত বাহন চলাই পলায়ন কৰোতে বৰতলাত ডকাইতৰ দলটোৰ বাহখনৰ চকা ফুটি যায় । সেইবাবে বাহনখন তাতেই ৰখাবলগীয়া হৈছিল । ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ বাহনখনৰ ওপৰত সন্দেহ ওপজাত লোক কেইজনক সোধ-পোছ কৰে । সেই সময়তেই বৰতলাত জয়দীপ মহন্ত নামৰ ডকাইত এটাক ৰাইজে কৰায়ত্ব কৰিছিল । পিছত মুকালমুৱা আৰক্ষীয়ে AS 01 DX 1418 নম্বৰৰ বাহনখন জব্দ কৰিছিল । অৱশ্য়ে সুযোগ বুজি ডকাইতৰ দলটোৰ বাকী কেইজন সদস্যই পলায়ন কৰাৰ পিছৰে পৰাই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ অভিযান চলায় । ইয়াৰ মাজতেই আজি মুকালমুৱা আৰক্ষীয়ে উক্ত ডকাইতিৰ ঘটনাত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইপিনে, নলবাৰী জিলাত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই শনিবাৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে (Arms recovered in Nalbari)। জিলাখনৰ চেংনৈৰ জংঘলৰ পৰা গাঁতত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰখিনি আৰক্ষীয়ে উদ্ধাৰ কৰে ।

লগতে পঢ়ক:Theft incident at Basistha: এক মুহূৰ্তৰ বাবেও ঘৰ এৰিব নোৱাৰা হৈছে মহানগৰবাসীয়ে; খাপ পিটি থাকে চোৰে

Last Updated : Feb 5, 2023, 4:41 PM IST

ABOUT THE AUTHOR

...view details