অসম

assam

টিঙৰ পৰা নানামে অভিজিৎ ভট্টাচাৰ্য: প্ৰয়োজন হ’লে নাম সলাব নাটকৰ

By

Published : Oct 10, 2022, 9:32 PM IST

Lobhita Drama controversy
টিঙৰ পৰা নানামিল অভিজিৎ ভট্টাচাৰ্য: প্ৰয়োজন হ’লে নাম সলাব নাটকৰ

ৰূপকোঁৱৰৰ ‘লভিতা’ৰ জৰিয়তে নাম কিনিবলৈ যোৱা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই সোমবাৰে সম্বোধন কৰিলে সংবাদমেল ৷ অসমীয়াৰ সম্পদ বিকৃত কৰাৰ অভিযোগ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে যদিও ভট্টৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক অলপো বিকৃত কৰা নাই (Lobhita Drama controversy)৷

নলবাৰী, ১০ অক্টোবৰ: নাম কিনিবলৈ গৈ এইবাৰ ৰূপকোঁৱৰক ব্যৱহাৰ কৰিলে সততে নাটক চুৰিৰ অভিযোগৰ লগত জড়িত হৈ থকা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ নাটকক নিজৰ মতে সজাই, নাটকখনৰ নাট্যকাৰ হিচাবে নিজকে চিনাকি দি পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিল অভিজিৎ ভট্টাচাৰ্য (Playwrights Abhijit Bhattacharya)৷

বিশ্ব বিৰল অসমৰ ভ্ৰাম্যমান থিয়েটাৰত(Mobile theatre Assam) একছত্ৰী নাট্যকাৰ হৈ পৰা বিতৰ্কিত অভিজিৎ ভট্টাচাৰ্যই অসমীয়াৰ প্ৰাণৰ শিল্পী ৰূপকোঁৱৰৰ সৃষ্টিক বিকৃত কৰাৰ অভিযোগত স্বাভাৱিকতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lobhita Drama controversy)৷ নাটকখনৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা বেনাৰৰ পৰা চৰিত্ৰ, সংলাপ, গীতলৈকে সোমাই পৰিছে বিতৰ্কত ৷ ইয়াৰ পাছতে সোমবাৰে আত্মপক্ষৰ সমৰ্থনত সংবাদ মেল আয়োজন কৰিলে অভিজিৎ ভট্টাচাৰ্যই ৷ সংবাদ মেলখনত উপস্থিত থাকিল বিতৰ্কিত নাটকখন মঞ্চস্থ কৰা আৱাহন থিয়েটাৰৰ নায়িকা প্ৰস্তুতি পৰাশৰো (Actress Prastuti Parashar)৷

আৱাহনৰ থিয়েটাৰৰ(Awahan Theatre) মঞ্চত ‘লভিতা’ মঞ্চস্থ হোৱাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰা দৰ্শক আৰু অসমীয়াকেহে যেন ভুল প্ৰতিপন্ন কৰিবলৈ বিচাৰিলে অভিজিৎ ভট্টাচাৰ্যই ৷ তেওঁৰ মতে নাটকখন নোচোৱাকৈয়েই বিতৰ্কৰ সূচনা কৰিলে অসমীয়াই ৷ নিজকে দোষমুক্ত কৰিবলৈ গৈ তেওঁ ক’লে যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকখনক নতুন ৰূপত সজোৱাৰ বাবেহে প্ৰয়াস কৰা হৈছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকখনৰ পৰা পৃথক অভিজিৎ ভট্টাচাৰ্যৰ ‘লভিতা’ ৷

টিঙৰ পৰা নানামিল অভিজিৎ ভট্টাচাৰ্য: প্ৰয়োজন হ’লে নাম সলাব নাটকৰ

উল্লেখ্য যে, নাটকখনৰ বেনাৰত বৰ বৰ হৰফেৰে নিজৰ নামটো লিখাৰ পূৰ্বে জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘লভিতা’ৰ আলমত বুলিও উল্লেখ কৰি থোৱা আছে ৷

নলবাৰীত দেওবাৰে সম্বোধন কৰা সংবাদমেলখন ভট্টই লগতে কয় যে, আৱাহনৰ ‘লভিতা’ নাটকখনে ৰূপজ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক স্পৰ্শ কৰা নাই ৷ ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ(Drama of Jyoti Prasad Agarwala) কেইটামান চৰিত্ৰ অনুৰূপ ৰখা হৈছে বুলি উল্লেখ কৰে বিতৰ্কিত নাট্যকাৰজনে ৷ জ্যোতি প্ৰসাদ আগৰৱালাৰ লভিতাৰ আলম লৈহে নাটকখন ৰচনা কৰা হৈছে বুলিও উল্লেখ কৰে অভিজিৎ ভট্টাচাৰ্যই ৷

আপুৰুগীয়া সম্পদ এটি বিকৃত কৰিবলৈ ধৃষ্টতা কৰা অভিজিৎ ভট্টাচাৰ্যই অৱশ্যে প্ৰয়োজন হ’লে নাটকখনৰ নাম সলনি কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ অনুৰূপ মন্তব্য কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও ৷ আনহাতে নাটকখনত সংযোজিত গীতৰ বিতৰ্কৰ সন্দৰ্ভতো মন্তব্য কৰে প্ৰস্তুতি পৰাশৰ আৰু অভিজিৎ ভট্টাচাৰ্যই ৷

‘লভিতা’ নাটকত নথকা এটি গীত জ্যোতি প্ৰসাদ আগৰৱালাৰে আন এখন নাটকৰ পৰা আনি ব্যৱহাৰ কৰা সন্দৰ্ভত মন্তব্য কৰে অভিজিৎ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, নাটকখনত আধুনিক গীত সন্নিৱিষ্ট কৰিবলৈ বিচৰা নাই বাবেই জ্যোতি প্ৰসাদ আগৰৱালাৰে এটি গীত ব্যৱহাৰ কৰা হ’ল ৷ এই ক্ষেত্ৰত বিতৰ্কৰ সূচনা হ’ব নালাগিছিল বুলিয়েই একপ্ৰকাৰে মন্তব্য কৰে অভিজিৎ ভট্টাচাৰ্যই ৷

ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাক বা কোনো অসমবাসীক আঘাত হনা নাই বুলি কৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ বাবেহে লভিতা নাটকখনক এনেকৈ মঞ্চায়ন কৰা হৈছে বুলি উল্লেখ কৰে অভিজিৎ ভট্টাচাৰ্যই ৷ ইফালে নাটকখন ‘ভাৰত মাতা কী জয়’ সংলাপ নতুনকৈ সংযোজন কৰাক লৈও সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰে ভট্টই ৷

তেওঁ কয় যে, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় হিন্দ আদি শ্ল’গানৰ মাজত পাৰ্থক্য নাই ৷ ভাৰত মাতা কী জয় মন্তব্যৰ জৰিয়তে গেৰুৱাকৰণ অথবা কোনো ৰাজনৈতিক দলৰ সপক্ষে-বিপক্ষে ক’বলৈ বিচৰা হোৱা নাই বুলি তেওঁ কয় ৷

এইদৰেই এবাৰ যদি অভিজিৎ ভট্টাচাৰ্যই ৰূপকোঁৱৰৰ ‘লভিতা’ নাটকৰ লগত আৱাহনৰ মঞ্চত মঞ্চস্থ হোৱা ‘লভিতা’ নাটকৰ সাদৃশ্যৰ কথা কয়, আন এবাৰ সম্পূৰ্ণ বেলেগ বুলি মন্তব্য কৰি নিজকে দোষমুক্ত কৰাৰ বাবে চেষ্টা কৰা দেখা গ’ল৷ অসমীয়াৰ সম্পদ বিকৃতকৰণ কৰাৰ অভিযোগত নাট্যকাৰগৰাকীৰ বিৰুদ্ধে ভিন্নজনে মন্তব্য কৰিলেও টিঙৰ পৰা নমা দেখা নগ’ল বিতৰ্কিত অভিজিৎ ভট্টাচাৰ্যক ৷

লগতে পঢ়ক:লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়নৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details