ETV Bharat / state

লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়নৰ পৰিৱেশ

author img

By

Published : Oct 10, 2022, 5:40 PM IST

Lakhimpur district library
লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়ণৰ পৰিৱেশ

ভূত বাংলালৈ পৰিণত হৈছে লখিমপুৰ জিলা পুথিভৰাঁল (Lakhimpur district library)৷ সোণালী জয়ন্তী বৰ্ষ গৰকা জিলাখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত নাই অধ্যয়নৰ পৰিৱেশ ৷ পুথিভঁৰালটোৰ কদৰ্যময় পৰিৱেশত নাক কোঁচ খাই যোৱা অৱস্থা হৈছে গ্ৰন্থপ্ৰেমীৰ ৷

লখিমপুৰ, 10 অক্টোবৰ: সোণালী জয়ন্তী বৰ্ষ গৰকাৰ পাছতো উন্নত নহ’ল লখিমপুৰ জিলা গ্ৰন্থাগাৰৰ (Lakhimpur district library) আন্তঃগাঁথনি । ক্ৰমাৎ উঁৱলি যোৱাৰ উপক্ৰম হৈছে জিলাখনৰ অন্যতম ৰাজহুৱা সম্পদটো ৷ লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে থকা জিলা গ্ৰন্থাগাৰৰ দুৰৱস্থাৰ ছবিয়ে সম্প্ৰতি লাভ কৰিছে চৰ্চা ।

লখিমপুৰ জিলাবাসীৰ লগতে সামাজিক মাধ্যমতো জিলা গ্ৰন্থাগাৰৰ দুৰৱস্থাৰ বিষয়টোৱো চৰ্চা লাভ কৰিছে । গ্ৰন্থাগাৰটোৱে শেহতীয়াকৈ ভূত বাংলাৰ ৰূপ ধাৰণ কৰিছে । উল্লেখ্য যে, জিলা গ্ৰন্থাগাৰটোৰ বাহিৰে-ভিতৰে একেই অৱস্থা । বাহিৰে উৱলি যোৱা ৰূপৰ বিপৰীতে ভিতৰত কদৰ্য পৰিৱেশ । চুকে-কোণে কেৱল তামোল-পানৰ পিক্ পেলাই থোৱাৰ দৃশ্য সুলভ হৈ পৰিছে । আনকি প্ৰস্ৰাৱগাৰ আদিত প্ৰৱেশ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে (Dirty environment of Lakhimpur library) ।

লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়ণৰ পৰিৱেশ

গ্ৰন্থাগাৰটোৰ চৌদিশে কেৱল উৱলি যোৱা অথবা লেতেৰা পৰিৱেশ । স্বচ্ছতা যেন বহু যোজন দূৰত । উল্লেখ্য প্ৰথম অৱস্থাত মহকুমা পৰ্যায়ত থকা এই গ্ৰন্থাগাৰটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ (Ex CM Hiteswar Saikia) দিনত জিলা গ্ৰন্থাগাৰলৈ উন্নীত কৰা হৈছিল । পৰৱৰ্তী সময়ত মেৰামতি কৰা হয় যদিও বিগত বহুদিন ধৰি মেৰামতি অভাৱত জিলা গ্ৰন্থাগাৰটো এতিয়া ভূত বাংলালৈ পৰিণত হৈছে ।

লক্ষ্যণীয় যে, যোৱা দুই অক্টোবৰত লখিমপুৰ জিলাই জিলা হিচাবে স্বীকৃতি পোৱাৰ সোনালী জয়ন্তী বৰ্ষত উপনীত হ’ল (Golden jubilee of Lakhimpur district) । ধুমধামেৰে উদযাপন কৰা হ’ল লখিমপুৰ জিলাৰ সোণালী জয়ন্তী বৰ্ষ । পিছে সোণালী জয়ন্তী উপলক্ষেও জিলা গ্ৰন্থাগাৰটোত উন্নয়নৰ পৰশ নপৰিল । জিলাৰ সোনালী জয়ন্তী উপলক্ষে জিলা গ্ৰন্থাগাৰটো মেৰামতি কৰি ৰং দি চকুত লগা কৰাৰ থল আছিল যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰিলে । যাৰ বাবে জিলাৰ সোণালী জয়ন্তী বৰ্ষতো উপেক্ষিত হৈ ৰ’ল জিলা গ্ৰন্থাগাৰ ।

জিলাখনৰ মূল বৌদ্ধিক কেন্দ্ৰৰ এনে দুৰৱস্থা তথা প্ৰশাসন অথবা চৰকাৰক অৱহেলাত সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে । মাহেকে পষেকে বিভিন্ন চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হৈ অহাৰ লগতে মন্ত্ৰী-বিধায়ক আদিয়ে তেনে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সঘনে আহ-যাহ কৰি থকা জিলা গ্ৰন্থাগাৰৰ দুৰৱস্থা দেখিও সকলো নীৰৱ । সাধাৰণ ৰাইজে গ্ৰন্থাগাৰৰ দুৰৱস্থা দেখি লজ্জাবোধ কৰাৰ বিপৰীতে প্ৰশাসন অথবা জনপ্ৰতিনিধিয়ে উদাসীন হৈ ৰোৱাত ৰাইজে আশ্চর্য প্ৰকাশ কৰিছে ।

লখিমপুৰ জিলাৰ বৌদ্ধিক চৰ্চাৰ থলী জিলা গ্ৰন্থাগাৰটো তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ স্থানীয় ৰাইজ কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক: দিব্যাংগৰ নামতো ধন লোৱা চাকৰি দালাল ওলাইছে নগাঁৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.