অসম

assam

Hospital inauguration in Nalbari: নলবাৰীত ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল উদ্বোধন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:27 PM IST

বহু জল্পনা-কল্পনা তথা প্ৰতিবাদৰ অন্তত নলবাৰীত ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় উদ্বোধন ৷ ভৱিষ্যতে ৰোগীসকলৰ সুবিধাৰ্থে আৰু অধিক বিচনা চিকিৎসালয়খনত সংলগ্ন কৰা হ’ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে ।

Hospital inauguration in Nalbari
নলবাৰীত ১১০ খনত বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল উদ্বোধন

নলবাৰীত ১১০ খনত বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল উদ্বোধন

নলবাৰী, ১৬ নৱেম্বৰ :দীৰ্ঘদিনৰ অপেক্ষাত নলবাৰীবাসীয়ে লাভ কৰিলে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়। বৃহস্পতিবাৰে ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখ্য যে, নলবাৰী মেডিকেল কলেজ স্থাপন হোৱাৰ পিচত নলবাৰী চহৰত অৱস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনক লৈ ব্যাপক চৰ্চা চলিছিল। চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰ লগত স্থানান্তৰ অথবা সংলগ্ন কৰা সন্দৰ্ভত নলবাৰীবাসীৰ মনত উদয় হৈছিল বিভিন্ন প্ৰশ্নৰ । আনকি জাতীয় সংগঠনসমূহৰ লগত ৰাইজেও প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

তেতিয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ৫০ খন বিচনাযুক্ত চিটি হেল্থ কেয়াৰ হাস্পতাল এখন হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ পিচতো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি নামেৰে একাংশই ধাৰাবাহিকভাৱে প্ৰতিবাদ চলাই আহিছিল ।

ইয়াৰ পিচতে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰে যে, নলবাৰীৰ সমাজ জীৱনৰ বাবে কোন সকলে ভাল চিন্তা কৰি কাম কৰিছে আৰু কোন সকলে মানুহক বিপথে পৰিচালিত কৰিছে নলবাৰীৰ মানুহে জানে, ইতিমধ্যে আমিও সেইসকলক চিনাক্ত কৰিছো, ভৱিষ্যতৰ দিনত মন্ত্ৰীগৰাকী সেই সকলৰ ওপৰত কঠোৰ হ’ব বুলিও উল্লেখ কৰিছিল ৷

বৃহস্পতিবাৰে ১১০ খন বিচনাযুক্ত চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ভবিষ্যতে ৰোগীসকলৰ সুবিধাৰ্থে আৰু অধিক বিচনা চিকিৎসালয়খনত সংলগ্ন কৰা হ’ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে । এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্তৰ লগতে নলবাৰী জিলা বিজেপি সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ লগতে বিজেপিৰ আন আন বিষয়ববীয়াৰ উপৰিও নলবাৰীৰ সহস্ৰাধিক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:Lok Sabha election 2024: অসমীয়া মানুহে আজমলক চেলেং-গামোচা পিন্ধোৱা বন্ধ কৰক: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details