ETV Bharat / state

Lok Sabha election 2024: অসমীয়া মানুহে আজমলক চেলেং-গামোচা পিন্ধোৱা বন্ধ কৰক: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:44 PM IST

ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত বিজেপিয়ে দুই মিত্ৰ দলৰ সৈতে আসন ভাগ বাটোৱাৰাৰ বিষয়টো চূড়ান্ত কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ লগতে এতিয়াৰে পৰা এটা দল এৰি আন এটা দলত যোগদান কৰাৰ পৰম্পৰা নিষিদ্ধ কৰা হৈছে বুলিও কয় তেওঁ ৷

Decision of BJP Alliance Meeting
আসন বুজাবুজিক লৈ বিজেপি মিত্ৰজোঁটৰ আলোচনা

গুৱাহাটী, 15 নৱেম্বৰ : ফেব্ৰুৱাৰী মাহৰ শেষ ভাগত আসন বুজাবুজিক লৈ বিজেপি মিত্ৰজোঁটৰ মাজত হ'ব আলোচনা ৷ বুধবাৰে আমিনগাঁৱত বিজেপি মিত্ৰজোঁটৰ আটাইকেইটা দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰথমখন বৈঠকত মিলিত হ'ল বিজেপি মিত্ৰজোঁট ৷ বুধবাৰে নিশা বিজেপি মিত্ৰজোঁটৰ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথমখন বৈঠক আমিনগাঁৱৰ গড়কাপ্তানি অতিথিশালাত অনুষ্ঠিত হয় ৷

Decision of BJP Alliance Meeting
মিত্ৰ দলৰ সৈতে বিজেপিৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি, গণশক্তি অসম আৰু ৰাভা যৌথ মঞ্চৰ সভাপতি উপস্থিত থাকে ৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ বৈঠকত সকলো মিত্ৰদলৰে মিলি নিৰ্বাচন খেলাৰ কথা আলোচনা কৰা হয় ৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিবলৈ আহোপুৰুষাৰ্থ কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব ৷ মিত্ৰদলৰ মাজত আসন ভাগ-বাটোৱাৰৰ হ'ব ফেব্ৰুৱাৰী মাহত ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এতিয়াৰে পৰা যাতে নিৰ্বাচন পৰ্যন্ত মিত্ৰদলৰ ইটো দলৰ পৰা যাতে সিটো দলত কাৰ্যকৰ্তাই যোগদান নকৰে সেইটো নিশ্চিত কৰিব লাগিব ৷ আজিৰ বৈঠকত তাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইউ পি পি এলৰ পৰা বিজেপিলৈ নাইবা বিজেপিৰ পৰা ইউ পি পি এললৈ যোৱাৰ পথ এতিয়াৰে পৰা বন্ধ ৷ অগপৰ ক্ষেত্ৰতো একেই কথা ৷ মিত্ৰদলৰ মাজত দল সলনি কৰা প্ৰক্ৰিয়া বন্ধ থাকিব নিৰ্বাচন পৰ্যন্ত ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ কি আছে বুলি সদৰি কৰি কয় যে অসমত আমাৰ ইচ্ছ্যু কংগ্ৰেছ নহয়, আজমলহে ৷ কংগ্ৰেছৰ আশীৰ্বাদতে তেওঁ আজি মুখ্যমন্ত্ৰী হ'ল বুলি সদৰি কৰে ৷ যি দলে 20 বছৰ দলৰ বাবে ত্যাগ কৰা এগৰাকী ব্যক্তিয়ে দল এৰি যাওঁতে ঠিকাৰ বাবে দল এৰা বুলি তুচ্ছ তাচ্ছিল্য কৰে, সেই দলৰ কথা কি ক'ম বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

2024 ৰ লোকসভা নিৰ্বাচনত চাৰে এঘাৰখন আসন পাম বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আহি 12 কৰাৰ বাবে ফিল্ডত নামিব তেওঁ ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে আলফা স্বাধীনে বিগত আঢ়ৈ বছৰত কোনো কুটাঘাত সংঘটিত কৰা নাই ৷ আলফা স্বাধীনৰ চৰ্চা কেৱল মাত্ৰ সামাজিক মাধ্যমতেহে হয় বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ৷ ৰাজস্থান, মধ্যপ্ৰদেশ, চত্তীশগড়ত বিজেপিৰ জয় হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিজোৰামত আগতে আমাৰ চাকমা অঞ্চলতে ভাল আছিল, এইবাৰ আমাৰ মিজো অঞ্চলতো ভাল হ'ব ৷

বি পি এফৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বি পি এফৰ পৰা সমৰ্থন আশা কৰিছোঁ, দিয়া নিদিয়া সেয়া বি পি এফৰ নিজা সিদ্ধান্ত ৷ আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে আজমল নামৰ ব্যক্তিজনৰ ম্যাদ উকলি যোৱাৰ সময় হৈছে ৷ মোৰ মতে আজমল মানে কেৱল এজন ব্যক্তি নহয়, গৰু চোৰো আজমল, লাভ জিহাদীও আজমল বুলি মুখ্যমন্ত্ৰী কটাক্ষ কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমাৰ যুঁজ আজমল নামৰ এটা শক্তিৰ বিৰুদ্ধেহে ৷ আজমলৰ বিৰুদ্ধে যুঁজ মোৰ মৃত্যুৰ 100 বছৰ পিছলৈকে চলি থাকিব বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া জাতিয়ে সেই সকল আজমলৰ বিৰুদ্ধে সদায়ে যুঁজ কৰি থাকিব লাগিব ৷ সেই আজমলৰ মাজত আছে অসমীয়া ভাষা বিৰোধী আব্দুল খালেকো ৷ আব্দুল খালেকে বিধানসভাত প্ৰথম অসমীয়া ভাষাৰ বিৰোধিতা কৰিছিল বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে এক সময় আহিব খালেকে অসমীয়া ভাষা মোৰ বুলি ক'ব লাগিব ৷ সেই তাবিজ মই দি দিম বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক : Lok Sabha election 2024: আসন ভাগ-বাটোৱাৰাক লৈ বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.