অসম

assam

SP Sudhakar Singh PC: সোপাধৰাৰ উৰাবাতৰিত আতংকিত নোহোৱাৰ আহ্বান

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:47 PM IST

সোপাধৰাৰ উৰাবাতৰিত আতংকিত নামনি অসম । সোপাধৰাৰ উৰাবাতৰি সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া । সোপাধৰা উৰাবাতৰিত ৰাইজক আতংকিত নহ'বলৈ আহ্বান নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ ।

SP PC on rumours of sopadhara in Nalbari
সোপাধৰাৰ উৰাবাতৰিত আতংকিত নোহোৱাৰ আহ্বান

সোপাধৰাৰ উৰাবাতৰিত আতংকিত নোহোৱাৰ আহ্বান

নলবাৰী,২৫ আগষ্ট: বিগত কিছুদিনৰে পৰা নামনি অসমত আতংকৰ অন্য এক নাম হৈ পৰিছে সোপধৰা । সোপধৰাৰ উৰা বাতৰিত আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নামনি অসমৰ ভিন্ন অঞ্চলত । এচাম দূষ্টচক্ৰই ছ'চিয়েল মিডিয়াত তেনে কিছু ফটো আপলোড কৰি সোপধৰাৰ আতংক বিয়পাই দিয়াত এতিয়া বহু অঞ্চলত শংকিত হৈ পৰিছে সাধাৰণ জনতা ।

বিশেষকৈ নামনি অসমৰ উত্তৰ কামৰূপত সোপাধৰা ওলোৱা বুলি কোনো দুষ্টচক্ৰই এক উৰাবাতৰি ছ'চিয়েল মিডিয়াযোগে ভাইৰেল কৰাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । এনে পৰিপ্ৰেক্ষিতত উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে । এনে উৰাবাতৰি বিয়পোৱাৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ আশ্বাস প্ৰদান কৰে ।

শুকুৰবাৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এক সংবাদমেলযোগে সোপাধৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি যি সকল লোকে এনে দুষ্কাৰ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে । তেওঁ কয় যে সোপাধৰা বুলি তেনে কোনো একোৱেই নাই ।

কিছুমান মানসিক বিকাৰগ্ৰস্ত লোকক ফটো তুলি দুষ্টচক্ৰই সোপাধৰা ওলোৱা বুলি আতংকৰ সৃষ্টি থকা বুলি মন্তব্য প্ৰকাশ কৰে । বৰ্তমান নলবাৰী জিলাত তেনে কোনো ঘটনাৰ আৰক্ষীৰ ওচৰত অভিযোগ অহা নাই বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে । লগতে ৰাইজকো তেনে উৰাবাতিৰত বিশ্বাস নকৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । তেনে কোনো লোকক প্ৰত্যক্ষ কৰিলে আইন হাতত তুলি নলৈ ততালিকে ওচৰৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাজে মাজে এনে সোপাধৰাৰ উৰাবাতৰি বিয়পাই একাংশ দুষ্টচক্ৰই । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ সন্দেহত উৰাবাতৰি বিয়পাৰ লগতে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । গতিকে এনে উৰাবাতৰিত ৰাইজক আতংকিত নহ'বলৈও আহ্বান জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:Demand to solve problems of transport sector: পৰিবহন খণ্ডটোক পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details