অসম

assam

Constituency delimitation; ৰাজনৈতিক স্বাৰ্থত সমষ্টি পুনৰ গঠন খচৰা প্ৰস্তুত কৰা হৈছে : দিগন্ত বৰ্মন

By

Published : Jun 23, 2023, 10:02 AM IST

ৰাইজৰ সুবিধাৰ্থে হোৱা নাই সমষ্টি পুনৰ গঠনৰ খচৰা, ৰাজনৈতিক স্বাৰ্থত এইখন খচৰা প্ৰস্তুত কৰা হৈছে । খচৰাখনত সমষ্টিসমূহক অস্ত্ৰোপ্ৰচাৰ কৰি ছিন্ন ভিন্ন কৰি দিয়া হৈছে । গাঁওসমূহৰ ভৌগোলিক অৱস্থিতি নিৰীক্ষণ নকৰাকৈ খচৰাখন প্ৰস্তুত কৰা হৈছে । নলবাৰীত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ।

Diganta Barman reacts on Constituency delimitation
বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ সংবাদমেল

বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ সংবাদমেল

নলবাৰী, ২৩ জুন :সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিচত ৰাজ্যত ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মুকালমুৱাত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিধায়ক দিগন্ত বৰ্মনে সম্বোধন কৰে এক সংবাদমেল । ৰাজ্যৰ অন্য সমষ্টিৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰো নাৰায়ণপুৰ, সাপকাটা, কান্ধবাৰী, ঘোগা, লোহাৰকাঠাকে ধৰি কেইবাখনো গাঁও কৰ্তন কৰি নলবাৰী আৰু টিহু সমষ্টিত অন্তৰ্ভুক্ত কৰিছে ।

ইয়াকে লৈ বৰক্ষেত্ৰীতো তীব্ৰ চৰ্চা বৈছে ৰাইজৰ মাজত । মুকালমুৱাস্থিত ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদমেলখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে কয় যে এইখন খচৰা ৰাইজৰ সুবিধাৰ্থে হোৱা নাই কেৱল বিজেপিৰ সুবিধাৰ্থে প্ৰস্তুত কৰা হৈছে । খচৰাখনত সমষ্টিসমূহক অস্ত্ৰোপ্ৰচাৰ কৰি ছিন্ন ভিন্ন কৰি দিয়া হৈছে । গাঁওসমূহৰ ভৌগোলিক অৱস্থিতি নিৰীক্ষণ নকৰাকৈ খচৰাখন প্ৰস্তুত কৰা হৈছে ।

খচৰাখনত প্ৰকাশ পোৱা বৰক্ষেত্ৰী বিধানসভা সমষ্টিত এতিয়া ৩৩ খন পঞ্চায়ত তথা ৭ টা উন্নয়ন খণ্ডৰ লোকে ভোটদান কৰিব লাগিব । যাৰ ফলত যাতায়ত আৰু যোগাযোগত ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব বুলি কয় বিধায়ক দিগন্ত বৰ্মনে । সমান্তৰালকৈ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান যেনে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়, বৰক্ষেত্ৰী মহাবিদ্যালয়, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি প্ৰায়বোৰ চৰকাৰী অনুষ্ঠান নাৰায়ণপুৰ ৰাজহ গাঁৱত আছে ।

কিন্তু নাৰায়ণপুৰ গাঁও টিহু সমষ্টিত অন্তৰ্ভুক্ত কৰাত অঞ্চলটোৰ ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব বুলি কয় । খচৰাখনৰ মতে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি খিলঞ্জীয়াক ৰক্ষা কৰাৰ নামত কেৱল বিজেপিৰ কিছু সংখ্যক নেতাক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰি সাধাৰণ ৰাইজক বিপদত পেলোৱা বুলি কোৱাৰ লগতে নিৰ্বাচন আয়োগে ৰাইজৰ কোনো মতামত নোলোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা বুলি কয় বিধায়ক দিগন্ত বৰ্মনে । এইখন খচৰাই কোনোপধ্যেই ৰাইজৰ সুবিধাৰ্থে নহয় বুলি সংবাদমেলত উল্লেখ কৰে বিধায়ক দিগন্ত বৰ্মনে ।

লগতে পঢ়ক :Constituency delimitation : সমষ্টি পুনৰ গঠনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ তিৱা জাতীয় দল-সংগঠনসমূহ

ABOUT THE AUTHOR

...view details