ETV Bharat / state

Constituency delimitation : সমষ্টি পুনৰ গঠনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ তিৱা জাতীয় দল-সংগঠনসমূহ

author img

By

Published : Jun 23, 2023, 7:32 AM IST

ইতিমধ্যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ভাৰতৰ লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে ৷ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ তিৱা দল-সংগঠন সমূহ ৷ প্ৰকাশিত খচৰা সন্দৰ্ভত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ এক সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য কৰে ৷

Constituency delimitation draft
মধ্য অসমৰ সকলো জনজাতিক প্ৰতাৰণা কৰিছে চৰকাৰে : জীৱন চন্দ্ৰ কোঁৱৰ

মধ্য অসমৰ সকলো জনজাতিক প্ৰতাৰণা কৰিছে চৰকাৰে : জীৱন চন্দ্ৰ কোঁৱৰ

মৰিগাঁও, ২৩ জুন : ‘‘নিৰ্বাচন আয়োগে মধ্য অসমৰ জনজাতিসকলৰ ভাৰতীয় সংবিধানৰ ৰাজনৈতিক অধিকাৰ নসাৎ কৰিছে । এয়া কেৱল তিৱাসকলৰ বাবেই নহয় মধ্য অসমৰ সকলো জনজাতিক প্ৰতাৰণা কৰিছে ৷ মধ্য অসমৰ এটা সমষ্টি জনজাতীৰ বাবে সংৰক্ষণ কৰক ।’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ৷

উল্লেখ্য যে, ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ইতিমধ্যে ভাৰতৰ লোকসভা সমষ্টি আৰু বিধান সভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে ৷ এই খচৰাখনক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বৃহস্পতিবাৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এক সংবাদমেল আয়োজন কৰি সমষ্টি পুনৰ গঠনৰ বিৰোধিতা কৰে ৷

আনহাতে, একেটা দিনতে মধ্য অসমৰ সমূহ তিৱা জাতীয় সংগঠন, জনজাতি সমষ্টি দাবী সমিতি আৰু তিৱা ৰাজ দৰবাৰে মৰিগাঁও সমষ্টি জনজাতি বাবে সংৰক্ষণৰ দাবী জনাই মৰিগাঁৱত আয়োজন কৰে এক সংবাদমেল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ক্ষেত্ৰত অসমৰ সমূহ তিৱা জাতীয় সংগঠনৰ নেতৃত্ব সন্তুষ্ট নহয় বুলিও প্ৰকাশ কৰে ৷ আয়োজনক তিৱা সংগঠনসমূহে উল্লেখ কৰে যে, মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টি ৪৭ বছৰ অনুসূচিত জনজাতি অৰ্থাৎ SC হৈ থাকিল ৷

৬০%জনজাতি ভোটাৰ থকা মৰিগাঁও সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ নকৰাত অসন্তুষ্ট হৈ পৰে মৰিগাঁৱৰ তিৱা সংগঠনসমূহ । আনকি কোনো কোনো জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিত কেৱল ২০% হে জনজাতি লোক আছে ৷ কিন্তু তাকেই জনজাতিৰ বাবে সংৰক্ষণ কৰিছে । সেই দিশৰ পৰা মৰিগাঁও বিধানসভা সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণ কৰিব নোৱাৰাৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে মৰিগাঁৱৰ তিৱা সংগঠনসমূহে ।

আনকি বৃহস্পতিবাৰে মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত সমূহ তিৱা সংগঠনে একত্ৰিত হৈ এলানি কাৰ্যসূচী ঘোষণা কৰে । সন্মিলিত দল সংগঠনৰ ঘোষিত গণতান্ত্ৰিক কাৰ্যসূচী অনুসৰি অহা ২৬ জুনত মৰিগাঁও চহৰত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ।

দ্বিতীয় প্ৰতিবাদী কাৰ্যসূচী ৩০ জুনত মৰিগাঁও চহৰত দহ সহস্ৰাধিকলোকৰ প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । লগতে, ৫ জুলাইত ২০ হাজাৰ জনজাতি লোকেৰে এক বিশাল গণ সমাৱেশৰ আয়োজন কৰা হ’ব ।

লগতে পঢ়ক : Constituency delimitation: মৰিগাঁও সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.