অসম

assam

Deen Dayal Divyangjan Sahajya Scheme: চৰকাৰী আঁচনিলৈ বাট চাই চাই ভাগৰি পৰিছে নলবাৰীৰ একাংশ দিব্যাংগ

By

Published : Oct 31, 2022, 6:45 PM IST

যিসময়ত ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে সেই সময়ত আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে একাংশ দিব্যাংগ (Many disabled people deprived of Arunodoi) ৷ অৰুণোদয়, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি একোৱেই ঢুকি পোৱা নাই হেনো তেওঁলোকক । ফলত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ ৷

many-disabled-people-in-nalbari-deprived-of-arunodoi-and-deen-dayal-divyangjan-sahajya-scheme
চৰকাৰী আঁচনিলৈ বাট চাই চাই ভাগৰি পৰিছে নলবাৰীৰ একাংশ দিব্যাংগ

নলবাৰী, ৩১ অক্টোবৰ : বিশেষভাৱে সক্ষম (Differently abled) লোকসকলৰ বাবে অসম চৰকাৰে সমাজ কল্যাণ বিভাগ (social welfare department) ৰ অধীনত ‘দীন দয়াল দিব্যাংগ পেঞ্চন আঁচনি’ (Deen Dayal Divyangjan Sahajya Scheme) আৰম্ভ কৰিছে ৷ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই হিতাধিকাৰী আঁচনিখনৰ যোগেদি ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলৰ স্বাস্থ্যৰ যত্ন ল'ব পৰাকৈ মাহেকীয়া পেঞ্চন প্ৰদান কৰা হয় ।

পিছে বিগত কেবাবছৰো নলবাৰী জিলাৰ মুকালমুৱাৰ বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাংশই বঞ্চিত হৈ আহিছে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি সমূহৰ পৰা ৷ ফলত অঞ্চলটোৰ দিব্যাংগসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰমুখৰ পৰিস্থিতি ৷ যিসকলে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন লাভ কৰিছিল সেই সকলৰো এই আঁচনিৰ পৰা নাম কৰ্তন হোৱাত সম্প্ৰতি ক্ষোভিত হৈ পৰিছে তেওঁলোক ।

চৰকাৰী আঁচনিলৈ বাট চাই চাই ভাগৰি পৰিছে নলবাৰীৰ একাংশ দিব্যাংগ

বৰক্ষেত্ৰী বিকলাংগ সন্থাৰ সভাপতিয়ে জানিব দিয়া মতে, বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় ৫০ শতাংশ দিব্যাংগই চৰকাৰে প্ৰদান কৰা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি পৰা বঞ্চিত হৈ আহিছে ৷

ইফালে অঞ্চলটোৰ অধিকাংশ দৰিদ্ৰ লোকে অৰুণোদয় আচঁনিৰ ধন লাভ কৰা নাই (Many disabled people deprived of Arunodoi) । বৰক্ষেত্ৰী বিকলাংগ সন্থাৰ সভাপতিয়ে মুকালমুৱাৰ বিশেষভাৱে সক্ষম লোকসকলক দীনদয়াল দিব্যাংগ পেঞ্চন তথা দুখীয়ালোকসকলক অৰুণোদয় আচঁনি প্ৰদান কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনায় ।

উল্লেখ্য যে, সমাজৰ শাৰীৰিকভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হোৱা লোকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমুহে বহু আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰিছে ৷ অসম চৰকাৰে আন্ত:ৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি সমাজ কল্যাণ বিভাগৰ (Social Welfare Department) অধীনত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত (Indira Gandhi Athletic Stadium) দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে ।

এই আঁচনিখনৰ যোগেদি ৰাজ্যখনৰ ৪,৫০,০০০ দিব্যাংগৰ সু-চিকিৎসাৰ বাবে প্ৰতিগৰাকী দিব্যাংগলৈ ৫ হেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:GMC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

ABOUT THE AUTHOR

...view details