অসম

assam

নলবাৰীত চৰকাৰৰ বিৰুদ্ধে সৰৱ কলিতা জনগোষ্ঠী সন্মিলন

By

Published : Sep 29, 2022, 8:32 PM IST

Updated : Sep 30, 2022, 7:59 PM IST

nalbari
nalbari ()

চৰকাৰৰ বিৰুদ্ধে সৰৱ কলিতা জনগোষ্ঠী সন্মিলন (Kalita Janagosthi Sanmilan slammed govt) । বান্ধি দিলে সময়সীমা । ২৫ অক্টোবৰৰ ভিতৰত আলোচনাৰ মেজলৈ নামাতিলে অসম বন্ধৰ হুংকাৰ । আলফা-চৰকাৰৰ চুক্তিৰ প্ৰতিলিপি দাহ কৰাৰো ভাবুকি । সদৌ অসম ছাত্র সন্থাৰ বিৰুদ্ধেও সৰৱ কলিতা জনগোষ্ঠী সন্মিলন ।

নলবাৰী, ২৯ ছেপ্টেম্বৰ :কেইবাটাও দাবীৰে আজি নলবাৰীত কলিতা জনগোষ্ঠী সন্মিলন, অসমে অনুষ্ঠিত কৰে সংবাদমেল (Kalita Janagosthi Sanmilan press meet) । সংবাদমেলত চৰকাৰৰ বিৰুদ্ধ কলিতা জনগোষ্ঠীক বৈষম্যৰ দৃষ্টিৰে চোৱাৰ অভিযোগ সংগঠনটোৰ ৰাজ্যিক সভাপতি ড৹ সোণেশ্বৰ কলিতাৰ ।

কলিতা জনগোষ্ঠীক জনজাতিকৰণ (Kalita Janagosthi Sanmilan demand SC), সংবিধানৰ ষষ্ঠ অনুসূচীৰ আওতাত অন্তৰ্ভুক্তিকৰণ (sixth schedule of Constitution), প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ লগতে ৰজা ভগদত্তৰ নামত ৰাজধানীত ভগদত্ত প্ৰকল্প নিৰ্মাণকে ধৰি আন কেইবাটাও দাবী উত্থাপন কৰি সংবাদমেলত সংগঠনটোৰ নেতৃবৃন্দ সোচ্চাৰ হৈ পৰে ।

আনহাতে, এই দাবীসমূহ পূৰণৰ বাবে সংগঠনটোক আলোচনাৰ মেজলৈ মাতিবলৈ চৰকাৰক আহ্বান জনালে সংগঠনটোৰ নেতৃবৰ্গই (Kalita Janagosthi reacted over Assam govt) ।

লগতে আলোচনাৰ বাবে সংগঠনটোৱে চৰকাৰক বান্ধি দিয়ে নিৰ্দিষ্ট সময়সীমাও । ইফালে সংগঠনটোৰ দাবীকসমূহক লৈ চৰকাৰে আভুৱা-ভাৰি থকাৰ অভিযোগ তুলি ২৫ অক্টোবৰৰ ভিতৰত চৰকাৰে আলোচনাৰ বাবে আমন্ত্ৰণ নজনালে অসম বন্ধৰ কাৰ্যসূচী গ্ৰহণৰ লগতে ৰাজপথ কঁপাই তোলাৰো হুংকাৰ দিয়ে ।

নলবাৰীত চৰকাৰৰ বিৰুদ্ধে সৰৱ কলিতা জনগোষ্ঠী সন্মিলন

আনহাতে, কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ প্ৰক্ৰিয়া সৰলীকৰণ নকৰিলে কলিতা জনগোষ্ঠীৰ নৃতাত্বিক প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা নাযাব বুলি বিধানসভাত ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে ভুল তথ্য দিয়া বুলি সংবাদমেলখনত অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃবৰ্গই (Kalita Janagosthi Sanmilan slammed govt) ।

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধেও সোচ্চাৰ হয় কলিতা জনগোষ্ঠী সন্মিলনৰ নেতৃবৰ্গ (AASU) । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কলিতা জনগোষ্ঠী সন্মিলনৰ সৈতে আলোচনা কৰাৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ কৰে ।

আনহাতে, আলোচনাপন্থী আলফাই (ULFA) কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা দাবী চনদত কলিতা জনগোষ্ঠী সন্মিলনৰ দাবী অন্তৰ্ভুক্ত ন'হলে আলফা-চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰিত হ'বৰ দিনাই চুক্তি দাহ কৰা হ'ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই ।

লগতে পঢ়ক :মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

Last Updated :Sep 30, 2022, 7:59 PM IST

ABOUT THE AUTHOR

...view details