অসম

assam

নলবাৰীত আছুৰ শ্বহীদ দিৱস : পুনৰ কা’ৰ প্ৰসংগ মুখ্য উপদেষ্টাৰ মুখত

By

Published : Dec 10, 2021, 9:43 PM IST

শুকুৰবাৰে নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিলে কেন্দ্ৰীয় শ্বহীদ দিৱস(AASU observes Swahid diwash centrally) । এই অনুষ্ঠানৰ জৰিয়তে পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই উলিয়ালে অসম চুক্তি আৰু কা’ আন্দোলন(Anti CAA movement)ৰ প্ৰসংগ ৷ সবিশেষ জানো আহক ৷

aasu-chief-samujjal-bhattacharjya-demands-repeal-of-caa
নলবাৰীত আছুৰ শ্বহীদ দিৱস : পুনৰ কা’ৰ প্ৰসংগ মুখ্য উপদেষ্টাৰ মুখত

নলবাৰী, 10 ডিচেম্বৰ :অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব লাগিব(Implementation of the Assam accord) , কা’ বাতিল হ’বই লাগিব- নলবাৰীত উপস্থিত হৈ এই মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ( AASU chief Samujjal Bhattacharjya demands repeal of CAA) ৷ আনহাতে, ৰাজপথৰ আন্দোলন খেলপথাৰলৈ যোৱা সম্পৰ্কত কয় যে, আন্দোলন সদায় অহিংস, শান্তিপূৰ্ণ হ’ব লাগে আৰু প্ৰতিবাদ হলে ৰাজপথত হ’ব আৰু সভা হলে খেলপথাৰত হ’ব ৷

শুকুৰবাৰে নলবাৰীৰ বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিলে কেন্দ্ৰীয় শ্বহীদ দিৱস(AASU observes Swahid diwash centrally) । ৰাতিপুৱাৰে পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে । কেন্দ্ৰীয় শ্বহীদ দিৱসত শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU GS Sankor Jyoti Baruah)ই । ইফালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ।

নলবাৰীত আছুৰ শ্বহীদ দিৱস : পুনৰ কা’ৰ প্ৰসংগ মুখ্য উপদেষ্টাৰ মুখত

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ বীৰেণ চক্ৰৱৰ্তী আৰু ড' কমল নাৰায়ণ পাটোৱাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা তথা আছুৰ কেন্দ্ৰীয় নেতৃ বৰ্গৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

এই অনুষ্ঠানত নলবাৰীৰ প্ৰতিটো শ্বহীদ পৰিয়ালক সম্বধৰ্না জনালে সদৌ অসম ছাত্ৰ সন্থাই(AASU felicitates martyrs family) । ইফালে, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ক’লা ৰং সনা অসমীয়া ভাষা সন্দৰ্ভত ভাষণ প্ৰসংগত উল্লেখ কৰে । উল্লেখযোগ্য, নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বালিকৰীয়াবাসী আৰু নলবাৰীৰ ৰাইজৰ সহযোগিত শুকুৰবাৰে কেন্দ্ৰীয়ভাৱে সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে শ্বহীদ দিৱস ।

লগতে পঢ়ক :Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

ABOUT THE AUTHOR

...view details