টীয়কত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পোনপটীয়া সম্প্ৰচাৰ : কেন্দ্ৰীয় মন্ত্ৰীৰ কৃষকৰে মতবিনিময় - PM Kisan Samman Nidhi
Murlidhar Kisan Mohol : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি আজি মুকলি কৰা হয় । এই ধন হিতাধিকাৰীৰ একাউণ্টত জমা কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰাৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত টীয়কত উপস্থিত থাকে অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰুলীধৰ কিষাণ মোহল ।

Published : June 18, 2024 at 9:52 PM IST
টীয়ক/যোৰহাট, ১৮ জুন: উত্তৰ প্ৰদেশৰ বাৰাণসীত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ টীয়কতো কৰা হয় । টীয়কৰ কলিয়াপানীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটত আয়োজিত পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সহযোগিতা,অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰুলীধৰ কিষাণ মোহল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণৰ পিচতেই প্ৰথমটো পদক্ষেপ কৃষকৰ বাবেই লোৱা বুলি কয় । কৃষকৰ হিতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপ লোৱা মন্তব্য় কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰি কয়,"বাৰে বাৰে অসমলৈ আহিম ।" উল্লেখযোগ্য যে এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত অনুষ্ঠানত জিলাখনৰ দুই শতাধিক কৃষকে উক্ত কৃষক সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি অনুষ্ঠানটো উপভোগ কৰে । ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে মত বিনিময় কৰে কৃষকসকলে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে উষ্ণ আদৰণি জনোৱা হয় ।
উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰিও মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড৹ মনোৰঞ্জন নেওগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড৹ প্ৰসন্ন পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
এই অনুষ্ঠানটোৰ আঁত ধৰে ডাঃ প্ৰভাত বৰুৱাই । আনহাতে, আদৰণি ভাষণ পাঠ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ তত্বাবধায়ক ড৹ সঞ্জয় বৰঠাকুৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বিজ্ঞান কেন্দ্ৰৰ চৌহদত এটি বকুল পুলি ৰোপণ কৰে ।

