অসম

assam

Cancer Medical Camp: জৰায়ুৰ কৰ্কট ৰোগ সন্দৰ্ভত কলিয়াবৰত আয়োজন সজাগতা শিবিৰ

By

Published : Jan 23, 2023, 11:47 AM IST

Cancer Medical Camp

কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত আয়োজন জৰায়ুৰ কৰ্কট ৰোগৰ বিশেষ সজাগতা আৰু চিনাক্তকৰণ সেৱা শিবিৰ (Uterus Cancer Medical Camp held at Kalibor)৷ চাহ বাগিচা অধ্যুষিত অঞ্চলটোৰ মহিলাসকলক জৰায়ুৰ কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা কৰাৰ লক্ষ্যৰে বিশেষ সজাগতা আৰু চিনাক্তকৰণ সেৱা শিবিৰটো আয়োজন কৰা হৈছিল ৷

জৰায়ু কৰ্কট ৰোগৰ বিশেষ সজাগতা আৰু চিনাক্তকৰণ সেৱা শিবিৰ

কলিয়াবৰ, 23 জানুৱাৰী : দেওবাৰে কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত আয়োজন কৰা হয় এক বিশেষ চিকিৎসাৰ শিবিৰ (Medical Camp held at Kalibor)৷ এই শিবিৰত ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশ্বৰে এগৰাকী বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ৰূপে পৰিচিত ডাঃ অমল কটকীৰ নেতৃত্বত কেইবাগৰাকী আগশাৰীৰ চিকিৎসকৰ এটি দল উপস্থিত হৈ চিকিৎসা সেৱা আগবঢ়ায় ।

গুৱাহাটী অৱষ্ট্ৰেটিকচ্ গাইন’কোল’জীকেল ছ’চাইটি আৰু আই. এম এ. দিশপুৰ শাখাৰ উদ্যোগত এমালগেমটেড প্লেন্টেছ্‌ন প্ৰায়ভেট্ লিমিটেডৰ উদ্যোগত কেলিডেন চাহ বাগিচাত ড৹ অঞ্জনা ফুকন মেম’ৰিয়েল ফাউণ্ডেছন, গুৱাহাটীৰ সহযোগত আয়োজন কৰা হয় এই বিশেষ চিকিৎসা শিবিৰটো (Uterus Cancer Medical Camp)।

উল্লেখযোগ্য যে, বিশ্বত প্ৰতি বছৰে প্ৰায় এক লাখ পঁচিশ হাজাৰ মহিলা এই ৰোগত আক্ৰান্ত হয় । ভাৰতত বছৰি 75 হাজাৰ মহিলা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হয় । ইয়াৰে পঞ্চাশ শতাংশ জৰায়ুৰ কৰ্কট ৰোগী মৃত্যু মুখত পৰে । ইয়াৰ কাৰণ হ’ল মহিলাসকলৰ মাজত সজাগতাৰ অভাৱ । সময় মতে জৰায়ুৰ কৰ্কট ৰোগ চিনাক্ত কৰি প্ৰতিৰোধ কৰিব পৰা যায় ।

লগতে পঢ়ক :Sankaradeva Sangha Baksa conference: শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন আৰম্ভ

যাৰ বাবে দুৰ্গম অঞ্চল বা চাহ অধ্যুষিত অঞ্চলৰ মহিলাসকলৰ মাজত সজাগ-সচেতনতা অনাৰ উদ্দেশ্যে জৰায়ুৰ কৰ্কট ৰোগ তথা ইয়াৰ পৰীক্ষা-নিৰীক্ষা সন্দৰ্ভত এই শিবিৰৰ আয়োজন কৰা হয় (Awareness of women about uterine cancer)৷ দেওবাৰে আয়োজিত এই শিবিৰত প্ৰায় 100 গৰাকী মহিলাক সেৱা প্ৰদানৰ লক্ষ্য হাতত লৈছিল আয়োজকসকলে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আয়োজক বেচৰকাৰী সংস্থাটোৱে ৷

ইফালে চাৰভিকেল স্ক্ৰীণিং সেৱাৰ জৰিয়তে স্ত্ৰীৰ জৰায়ুৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ পদক্ষেপ গ্ৰহণ কৰাত চাহ বাগিচাৰ মহিলাসকলো যথেষ্ট আনন্দিত হৈ পৰিছে । পৰৱৰ্তী সময়ত এনেধৰণৰ অধিক সেৱা প্ৰদানৰ বিভিন্ন কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ কৰি ৰাখিছে এই বেচৰকাৰী সংস্থাটোৱে ।

লগতে পঢ়ক :JSF Signature Campaign in Guwahati : গুৱাহাটীত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণস্বাক্ষৰ অভিযান

ABOUT THE AUTHOR

...view details