JSF Signature Campaign in Guwahati : গুৱাহাটীত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণস্বাক্ষৰ অভিযান

author img

By

Published : Jan 22, 2023, 9:42 PM IST

JSF Signature Campaign in Guwahati

জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত কৰিলে গণস্বাক্ষৰ অভিযান (JSF Signature Campaign in Guwahati)৷ ভৱিষ্যৎ প্ৰজন্মৰ জীৱন-জীৱিকাৰ নিৰাপত্তা আৰু দেশৰ ঐক্যতা-অখণ্ডতাক নিৰাপদ কৰাৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিকল্প নাই বুলি মন্তব্য কৰে জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে ।

গুৱাহাটী, ২২ জানুৱাৰী : দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ(Strict Population Control Act) সমৰ্থনত অনুষ্ঠিত হ’ল গণস্বাক্ষৰ অভিযান ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক সভাগৃহত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (Jansankhya Samadhan Foundation) অসমৰ উদ্যোগত দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত গণস্বাক্ষৰ অভিযানৰ এক সজাগতা সভা অনুষ্ঠিত হয় । এই সভাত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী আৰু ৰাষ্ট্ৰীয় সংযোজিকা মমতা ছেহগালে(Mamta Sehgal JSF) মূল ভাষণ আগবঢ়ায় ।

JSF Signature Campaign in Guwahati
গুৱাহাটীত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণস্বাক্ষৰ অভিযান

অসমৰ বিভিন্ন জিলাৰ পৰা অহা জেএছএফ কৰ্মীসকলক উদ্দেশ্যি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় যে- ভৱিষ্যত প্ৰজন্মৰ জীৱন জীৱিকাৰ নিৰাপত্তা, আৰু দেশৰ ঐক্যতা-অখণ্ডতাক নিৰাপদ কৰাৰ বাবে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিকল্প নাই । এখন জনসংখ্যা আইনে দেশৰ জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক এটা অধিকাৰ দিয়ে- যিটো অধিকাৰ ইউৰোপৰ দেশসমূহৰ লগতে জাপান, চীন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশৰ চৰকাৰৰ হাতত আছে ।

জনসংখ্যা আকৃতিৰ হিচাপত ভাৰতে এতিয়া চীন দেশকো পিছ পেলাইছে ৷ প্ৰতি বৰ্গ কিঃমিঃত চীনৰ জনবসতিৰ ঘনত্ব ১৫৩ জনৰ বিপৰীতে ভাৰতৰ ৪৭০ জন । চীন দেশ ভাৰততকৈ আকাৰত তিনি গুণ ডাঙৰ । জনবিস্ফোৰণৰ কবলত পৰা আমাৰ দেশখন বিশ্বৰ ভিতৰতে জনবহুল দেশ । জনবিস্ফোৰণ এটম বোমাৰ দৰে । বিধিসন্মত কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থা নাথাকিলে জনসংখ্যাৰ বিস্ফোৰণে দেশত নিবনুৱাৰ ধাৰাষাৰ বৃদ্ধি, মূল্যবৃদ্ধি, পাৰিপাশ্বিকতাৰ ধ্বংস, বেদখল আৰু অৱশেষত গৃহযুদ্ধৰ সূচনা কৰি দেশক খণ্ড-বিখণ্ড কৰে ।

JSF Signature Campaign in Guwahati
গুৱাহাটীত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণস্বাক্ষৰ অভিযান

সাময়িক ইউৰোপৰ দেশ ছাৰ্বিয়া আৰু আফ্ৰিকাৰ দেশ ছুডানৰ পৰা আমি শিক্ষা লোৱা উচিত । চৰকাৰে শাসন হেৰুওৱাৰ ভয় কৰিব নালাগে; কাৰণ ৰাষ্ট্ৰৰ স্বাৰ্থতহে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন আনিবলৈ দাবী তোলা হৈছে । গৰিষ্ঠ সংখ্যক ৰাইজেও কথাবোৰ বুজি উঠিছে । সাম্প্ৰতিক সময় এখন জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বাবে অনুকুল সময় ।

ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে(Anil Chaudhary Jsf) লগতে কয় যে- জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৃষ্ঠা সংযোজক সকলে গাঁৱে-ভূঞে গৈ সমাজৰ শেষৰগৰাকী ব্যক্তিকো সচেতন কৰাৰ ক্ষমতা ৰাখে । সেয়ে গণ স্বাক্ষৰ অভিযানৰ লগত জড়িত পৃষ্ঠা সংযোজক সকলক জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ব্ৰহ্মাস্ত্ৰ আখ্যা দিছে ।

লগতে পঢ়ক: Sexual harassment on a moving train : ৰে'ল যাত্ৰা মহিলাৰ বাবে কিমান সুৰক্ষিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.