অসম

assam

HIV in Nagaon : এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ পৰীক্ষা কেন্দ্ৰ স্থাপন

By

Published : Jul 5, 2023, 12:54 PM IST

নগাঁৱত এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ দুমহীয়াকৈ হ'ব বিনামূলীয়া পৰীক্ষা । নগাঁৱত এইচ আই ভি আৰু যক্ষ্মা পৰীক্ষাৰ বাবে স্থাপন 180 টা পৰীক্ষা কেন্দ্ৰ । জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উল্লেখ কৰে এই কথা ।

HIV screening in nagaon
এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ পৰীক্ষা কেন্দ্ৰ স্থাপন

এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ পৰীক্ষা কেন্দ্ৰ স্থাপন

নগাঁও, 5 জুলাই : বিশেষকৈ নগাঁও জিলাত হোৱা ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলতেই উদ্ধেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা । কিছুদিন পূৰ্বে স্বাস্থ্য বিভাগৰ এক সূত্ৰত প্ৰকাশ পাইছিল নগাঁৱত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াৱহ তথ্য । ইয়াৰ মাজতে এইডছ আক্ৰান্তক চিনাক্তকৰণৰ লগতে উপযুক্ত চিকিৎসা আৰু এইডছ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চ'ছাইটিৰ সহযোগত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । নগাঁও জিলাৰ এইডছ আক্ৰান্ত ৰোগী চিনাক্তকৰণৰ বাবে দুমহীয়া এইডছ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসন আৰু ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চ’ছাইটিয়ে । এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ দুমহীয়াকৈ হ'ব বিনামূলীয়া পৰীক্ষা।

মঙলবাৰে এইডছ পৰীক্ষা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । মঙলবাৰে শুভাৰম্ভ কৰা এইডছ পৰীক্ষণ বুধবাৰৰ পৰা নগাঁও জিলাখনৰ পঞ্চায়ত পৰ্যায়তো আৰম্ভ হয় । জিলা প্ৰশাসনৰ আৰু ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চ'ছাইটিৰ উদ্যোগত আৰম্ভ কৰা এইচ আই ভি পৰীক্ষণ কাৰ্যসূচীৰ জৰিয়তে সকলকো পৰীক্ষা কৰি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায় নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । লগতে এই পৰীক্ষাত এইচ আই ভি পজিটিভ পোৱা সকলৰ নাম আৰু পৰিচয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰা হ’ব সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

জিলাখনত বর্তমান মুঠ 180 টা এইচ আই ভি পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে বুলিও জানিবলৈ পৰা গৈছে । এই কেন্দ্ৰসমূহত এইচ আই ভি পৰীক্ষাৰ লগতে যক্ষ্মা ৰোগৰো পৰীক্ষা কৰাৰ কথাও উল্লেখ কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

লগতে পঢ়ক :Congress attack BJP : বিজেপি চৰকাৰে অসমত বোৱাব বিচাৰিছে ’সুৰাৰ গংগা’ !

ABOUT THE AUTHOR

...view details