ETV Bharat / state

Congress attack BJP : বিজেপি চৰকাৰে অসমত বোৱাব বিচাৰিছে ’সুৰাৰ গংগা’ !

author img

By

Published : Jul 5, 2023, 11:57 AM IST

2000 খন নতুন সুৰাৰ দোকানৰ প্ৰসংগত আৰ এছ এছক মুকলি প্ৰত্যাহ্বান হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ - এনেকৈ কিয় ক’লে প্ৰদেশ কংগ্ৰেছে ?

Congress slams ASSAM GOVT liquor policy
বিজেপি চৰকাৰে অসমত বোৱাব বিচাৰিছে ’সুৰাৰ গংগা’

গুৱাহাটী, 5 জুলাই : অসমত সুৰাৰ অবাধ প্ৰচলন কৰি অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ বিজেপি চৰকাৰে গ্রহণ কৰিছে হঠকাৰী সিদ্ধান্ত ৷ এই অভিযোগেৰে অসম প্রদেশ কংগ্রেছ কমিটিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সুৰা নীতিক জাতিধ্বংসী আখ্যা দি তীব্র বিৰোধিতা কৰিছে । এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় যে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিতৌ ৰাজ্যখনত বিলাতী, দেশীয় সুৰাৰ বিপনী আৰু 'বাৰ'ৰ সংখ্যা বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ এই চৰকাৰৰ দিনত দেশৰ ভিতৰতে উন্নয়নৰ দিশত এক নম্বৰ ৰাজ্য হওঁক বা নহওঁক, সুৰাৰ প্ৰচলন আৰু ইয়াৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্রত কিন্তু দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হ'বগৈ যে সেয়া ধুৰূপ ।

এহাতেদি বিজেপি চৰকাৰে কোটি কোটি টকা খৰচ কৰি সকলো মাধ্যমতে বিজ্ঞাপন প্ৰকাশ কৰি অসমক দেশৰ 5 খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখুৱাইছে আৰু উন্নয়নৰ গংগা বোৱাইছে বুলি কৃতিত্ব জাহিৰ কৰে । কিন্তু, বাস্তৱত বিজেপি চৰকাৰে অসমত "সুৰাৰ গংগা" হে বোৱাব বিচাৰিছে । সেয়ে ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলিবলৈ অনুমতি দিছে । ৰাইজৰ ব্যাপক অসন্তুষ্টিৰ পিছতো পুনৰ এই চৰকাৰে কি যুক্তিত 2000 খন নতুন সুৰাৰ দোকান স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তথা কি যুক্তিত ৰাতি 11 বজালৈ মলৰ বাৰসমূহ খোলাৰ অনুমতি দিছে । ভূতৰ ওপৰত দানৱ পৰাদি সুৰাৰ দোকানত কিয় এলকহ'লযুক্ত চকলেট প্ৰচলন কৰিব বিচাৰিছে ? এইবিলাক হঠকাৰী সিদ্ধান্ত এটা প্ৰজন্মক ধ্বংস কৰাৰ বাবে ব্লুপ্ৰিন্ট সদৃশ নহয় নে — বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷

আনহাতে অসম চৰকাৰৰ খোদ শিক্ষা মন্ত্রী ৰণোজ পেগুৱে চৰকাৰৰ সুৰা নীতিৰ সমৰ্থনত যি মন্তব্য আগবঢ়ালে সি অসমৰ সমাজ জীৱনৰ বাবে অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছে । শিক্ষা মন্ত্রীগৰাকীক সুৰাৰ অবাধ প্ৰচলন সন্দৰ্ভত এনে মন্তব্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈয়ো দাবী জনাইছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে ৷ উল্লেখযোগ্য যে, 2016 চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰা 2022 চনলৈ অসমত 757 খন মদৰ দোকান আৰু 'বাৰ'ৰ অনুমতি প্রদান কৰা হ'ল । তাৰে 390 খন বাৰ, 14 খন বিলাতী সুৰাৰ দোকান, 353 খন দেশীয় সুৰাৰ দোকান ।

ইয়াৰোপৰি যোৱা 7 বছৰত 408 খন গ্ৰাম্য অঞ্চলৰ 'বাৰ' বিলাতী সুৰাৰ দোকানলৈ ৰূপান্তৰিত কৰা হ'ল । তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত 2571 খন বিদেশী সুৰাৰ ( IMFL "ON" আৰু "OFF") দোকান আছে আৰু 781 খন দেশীয় সুৰাৰ দোকান আছে । এতিয়া অধিক ৰাজহ সংগ্ৰহৰ লোভত বিজেপি চৰকাৰে পুনৰ 2000 খন নতুন সুৰাৰ দোকান খুলিব বিচাৰিছে । আনহাতে সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্রত এই চৰকাৰে সৰ্বকালৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । 2016-17 বৰ্ষত সংগ্ৰহ হোৱা 1433.01 কোটি ৰাজহৰ তুলনাত 2022-23 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল 3548.31 কোটি টকা ।

প্ৰতিবছৰে সুৰাৰ পৰা আহৰণ কৰা ৰাজহৰ পৰিমাণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, বিজেপি চৰকাৰৰ সুৰা নীতিক লৈ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিজেপি দলৰ অভিভাৱক স্বৰূপ সংগঠন আৰ এছ এছৰ উত্তৰ পূৱৰ এজন শীর্ষ নেতাই যোৱা 18 ফেব্ৰুৱাৰীৰ দিনা নলবাৰীৰ এখন জনসভাত চৰকাৰক সমালোচনা কৰিছিল । তেওঁ সুৰাৰ দোকানৰ পৰিৱর্তে গাখীৰৰ দোকান খুলিবলৈ পৰামর্শ আগবঢ়াইছিল । সুৰাৰ ৰাজহৰ ওপৰত নিৰ্ভৰশীল নহৈ অন্য ক্ষেত্রত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছিল । সুৰাৰ দোকানৰ অনুমতি দিয়া বন্ধ কৰা আৰু সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ চৰকাৰক ৰাজহুৱাকৈ আহ্বান জনাইছিল ।

লক্ষণীয়ভাৱে সভাখনত কেইবাজনো অসম চৰকাৰৰ কেবিনেট মন্ত্রীও উপস্থিত আছিল । কিন্তু আৰ এছ এছৰ শীর্ষ নেতাৰ আহবানৰ সম্পূর্ণ ওলোটা কামহে এই বিজেপি চৰকাৰখনে কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে ৷

লগতে পঢ়ক : Kamal kumar Medhi news : তিনি গগৈৰ বাবে আপৰ পৰা নিলম্বন হ’ল কমল মেধি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.