অসম

assam

Har Ghar Tiranga Mission: ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ আত্মসহায়ক গোটৰ মহিলাসকল

By

Published : Jul 27, 2022, 12:40 PM IST

অসমত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে (Har Ghar Tiranga mission preparation in Assam)। ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ ১০ টা পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাসকল । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ১৮ হাজাৰৰো অধিক ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ লক্ষ‍্য আগত ৰখা হৈছে । কলিয়াবৰ উন্নয়ন খণ্ডৰ বিভিন্ন স্থানত এই ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ'ব ।

Har Ghar Tiranga Mission
ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ আত্মসহায়ক গোটৰ মহিলাসকল

কলিয়াবৰ,২৭ জুলাই :ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰা হৈছে (Azadi Ka Amrit Mahotsav in India)। মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে 'হৰ ঘৰ তিৰংগা' শীৰ্ষক কাৰ্যসূচীৰ আৰম্ভ হৈছে (Har Ghar Tiranga Mission in India)। একেদৰে অসমতো আৰম্ভ হৈছে এই অভিযানৰ । প্ৰধানমন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে কলিয়াবৰ উন্নয়ন খণ্ডৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি চলিছে ।

কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০ টা পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ১৮ হাজাৰৰো অধিক ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ লক্ষ‍্য আগত ৰখা হৈছে । যাৰ বাবে কলিয়াবৰৰ কেইবাটাও মহিলা আত্মসহায়ক গোট এতিয়া ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে (SHG of Kaliabor are busy making National flag)। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৎপৰতাত কলিয়াবৰৰ মহিলা আত্মসহায়ক গোটসমূহৰ চাৰিটা পঞ্চায়তৰ নৱপ্ৰদীপ মণ্ডল পৰ্য‍ায়ৰ সংগঠনে চাৰি হাজাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ বাবে ব‍্যস্ত হৈ পৰিছে ।

ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ আত্মসহায়ক গোটৰ মহিলাসকল

সমান্তৰালকৈ কলিয়াবৰ উন্নয়ন খণ্ডৰ বিভিন্ন স্থানত এই ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ'ব ।

উল্লেখ‍্য যে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ অনুষ্ঠান, যি সমিতি পঞ্জীয়ন আইন ১৮৬০ অনুসৰি পঞ্জীকৃত । এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হ’ল অসমৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়ন ঘটোৱা আৰু দৰিদ্ৰতা নিৰ্মূল কৰা । গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ আত্মসহায়ক গোট গঠন আৰু পুৰণি আত্মসহায়ক গোটৰ সৱলীকৰণ কৰা ।

আত্মসহায়ক গোটসমূহক সংগঠিত কৰি একো একোটা গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন আৰু খণ্ড পৰ্যায়ৰ সংগঠন গঠন কৰাত সহায় কৰা । উৎপাদনমুখী গোট গঠন কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিপণনত সহায় কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মুখ্য উদ্দেশ্য । উক্ত আঁচনিখনৰ যোগেদি অসমৰ জনসাধাৰণলৈ আগবঢ়োৱা হৈছে যথেষ্ট সা-সুবিধা ।

লগতে পঢ়ক :Har Ghar Tiranga: ভাৰত-চীন সীমান্তত তিৰংগা বিতৰণ সশস্ত্ৰ সীমা বলৰ

ABOUT THE AUTHOR

...view details