অসম

assam

Protagonist Mukut Chandra Bhuyan: জীৱন যুদ্ধত পৰাজিত হৈ ইহ সংসাৰ এৰিলে অক্লান্ত সৈনিক মুকুট চন্দ্ৰ ভূঞাই

By

Published : Aug 3, 2023, 10:05 PM IST

Updated : Aug 4, 2023, 6:53 AM IST

বয়সে হাৰ মনাব নোৱাৰা এগৰাকী সমাজসেৱক ৷ আজি নিথৰ এইগৰাকী অক্লান্ত সৈনিক । নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী অক্লান্ত সৈনিক মুকুট চন্দ্ৰ ভূঞাই ৷ অসমত প্ৰথমবাৰৰ বাবে চিত্ৰাংকণ আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা মুকুট ভূঞাৰ জীৱন পৰিক্ৰমাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্মিত হৈছে তথ্যচিত্ৰ ৷

Protagonist Mukut Chandra Bhuyan
জীৱনযুদ্ধত পৰাজিত হৈ ইহসংসাৰ এৰিলে অক্লান্ত সৈনিক মুকুট চন্দ্ৰ ভূঞাই

জীৱন যুদ্ধত পৰাজিত হৈ ইহ সংসাৰ এৰিলে অক্লান্ত সৈনিক মুকুট চন্দ্ৰ ভূঞাই

নগাঁও, 3 আগষ্ট:অজস্ৰ গুণমুগ্ধক কন্দুৱাই অৱশেষত পৃথিৱীৰ মায়া এৰি গুচি গ'ল নিঃস্বাৰ্থ সমাজসেৱক নগাঁৱৰ মুকুট চন্দ্ৰ ভূঞা । বহু বিশিষ্ট কবি, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিকৰ আগমন ঘটা নগাঁও চহৰৰ এই ঘৰখন আজি সম্পূৰ্ণ উকা কৰি ইহসংসাৰ ত্যাগ কৰে মুকুট চন্দ্ৰ ভূঞাই । নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰাদুৰ্ভাৱ ঘটা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভূঞা ৷ অৱশেষত বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুকুট চন্দ্ৰ ভূঞাই ।

শংকৰ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি, লোকসেৱক হলধৰ ভূঞাৰ দ্বিতীয় পুত্ৰ মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে নগাঁও চহৰৰ নতুন বজাৰস্থিত ভূঞাৰ বাসগৃহত ভিৰ কৰে বহু গুণমুগ্ধই। বিয়লি মুকুট ভূঞাৰ নশ্বৰ দেহ বাসগৃহলৈ অনাৰ পিছতেই নগাঁৱৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিকসকল উপস্থিত হৈ জ্ঞাপন কৰে শেষ শ্ৰদ্ধা । বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, কবি ডাঃ প্ৰয়াগ শইকীয়া, ছবি পৰিচালক পাৰ্থজিত বৰুৱাৰ পৰা বিধায়ক ৰূপক শৰ্মালৈ, মুকুট ভূঞাক হেৰুৱাই সকলো যেন আজি বাকৰুদ্ধ ।

প্ৰয়াত ভূঞাই অভিনেতা আদুৰ গোপাল কৃষ্ণণ, আছৰানি , মণি কৌল, সুভাষ ঘাইৰ দৰে খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক, অভিনেতাৰ সৈতে একেলগে পুনে ফিল্ম ইনষ্টিটিউটৰ পৰা ১৯৬৫ চনতে সম্পন্ন কৰিছিল দৃশ্য সম্পাদনা বিভাগৰ শিক্ষা । সেই সময়তেই মুম্বাইৰ শশীধৰ মুখাৰ্জীৰ মালিকাধীন ফিল্মালয় ষ্টুডিঅ'ৰ সম্পাদনা বিভাগৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হয় যদিও অসম তথা নগাঁৱৰ মোহ এৰিব নোৱাৰি উভতি আহে গৃহভূমিলৈ । নগাঁৱলৈ উভতি আহি বাতৰি কাকত বিতৰকৰ দায়িত্ব লয় মুকুট চন্দ্ৰ ভূঞাই ।

কৰ'ণা আতংকৰ বাবেই দেশজুৰি জাৰি কৰা লক ডাউনৰ আৰম্ভণিতেই এই আতংকই প্ৰভাৱিত কৰিছিল ছপা মাধ্যমতো । বহু ঠাইত হকাৰে একপ্ৰকাৰ বন্ধ কৰি দিছিল বাতৰি কাকতৰ বিতৰণ । এনে সময়তো প্ৰথমৰ পৰাই পাঠকৰ মাজত বাতৰি কাকত বিতৰণ কৰি আহিছিল মুকুট চন্দ্ৰ ভূঞাই ।

নগাঁৱৰ সামাজিক কাম কাজৰ লগত জড়িত হৈ বহুজনৰ প্ৰিয়, বহুজনৰ আদৰ্শ হৈ পৰিছিল সমাজ সেৱক মুকুট ভূঞা । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ আগমুহুৰ্তলৈকে বাতৰিত কাকত বিতৰণ কৰিছিল মুকুট ভূঞাই । কৰ'ণা মহামাৰীৰ সময়তো পাঠকৰ ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰিছিল ৮০ ৰ দেওনা পাৰ হোৱা মুকুট চন্দ্ৰ ভূঞাই ৷ অসম তথা নগাঁৱক অন্তৰৰ পৰা ভালপোৱা মুকুটচন্দ্ৰ ভূঞাক লৈ বিশিষ্ট ছবি পৰিচালক পাৰ্থজিত বৰুৱাই নিৰ্মাণ কৰিছিল আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্য চিত্ৰও । অবিবাহিত হৈ পৰলোকপ্ৰাপ্তি ঘটা মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ নগাঁও জিলাতে পেলাইছে গভীৰ শোকৰ ছাঁ ।

লগতে পঢ়ক:মুকুট চন্দ্ৰ ভূঞাঃ এগৰাকী অক্লান্ত সমাজ সেৱক

Last Updated :Aug 4, 2023, 6:53 AM IST

ABOUT THE AUTHOR

...view details