অসম

assam

Drugs seized : চাপৰমুখত শূণ্যলৈ গুলী আৰক্ষীৰ; আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Jul 21, 2023, 10:06 AM IST

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযোন ৷ ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ চাপৰমুখত আৰক্ষীৰ শূণ্যলৈ গুলী; ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ ঘটনাস্থলীত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ।

Police shoot zero to arrest drug mafia in Nagaon
ড্ৰাগছ জব্দ

ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী

নগাঁও, 21 জুলাই : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা এতিয়াও কমা নাই ৷ নগাঁও জিলাৰ ৰহাৰ চাপৰমুখৰ তিতাইমাৰি দলঙৰ সমীপত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ মাফিয়াক । ধৃত ড্ৰাগছ মাফিয়াকেইটাক আটক কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ একজাঁই গুলীচালনা‌ও কৰিবলগীয়া হয় বুলি জানিবলৈ দিয়ে ।

অভিযানকাৰী আৰক্ষীৰ দলে জানিবলৈ দিয়া অনুসৰি, ড্ৰাগছ সৰবৰাহীকেইটাই 20 টা বাকছত কঢ়িয়াই আনিছিল ব্ৰাউন চুগাৰখিনি । নগাঁৱৰ কামপুৰৰ পৰা ৰহা অভিমুখে বাইকত ড্ৰাগছ সৰবৰাহ কৰি আনিছিল পাঁচ ড্ৰাগছ মাফিয়াই । পৰৱৰ্তী সময়ত কামপুৰ আৰক্ষী আৰু চাপৰমুখ আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় তিনি ড্ৰাগছ সৰবৰাহকাৰীক । আনহাতে দুটা ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ পৰা গৈছে ।

অৱশ্যে পলাই যোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটাক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে । ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত । আৰক্ষী অধীক্ষকগৰাকীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীৰ পৰা আৰক্ষী প্ৰশাসনে জব্দ কৰা ভাং, হেৰ'ইন, টেৱলেট, মেথাম ফেচামাইন আদিকে কৰি 47,85,400 টকাৰ ড্ৰাগছ দাহন কৰিছিল বাক্সা আৰক্ষীয়ে । আনহাতে, বিশ্বনাথত 10 লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছৰ উপৰি জব্দকৃত বহু নিচাজাতীয় সামগ্ৰী দাহন কৰা হৈছিল ৷ বিশ্বনাথ জিলা মহকুমা প্ৰশাসনে গ্ৰহণ কৰা কাৰ্যসূচীত 1 কোটিৰো অধিক জব্দকৃত ড্ৰাগছ নষ্ট কৰে প্ৰশাসনে ।

লগতে পঢ়ক :Kuki Women Raped: ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত আৰু অধিক শিঁহৰণকাৰী ভিডিঅ' ওলাব পাৰে; সাংসদ ডাঃ লৰোহ এছ ফ’জ

ABOUT THE AUTHOR

...view details