অসম

assam

MLA Rupak Sharma: নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ

By

Published : Feb 14, 2023, 10:54 AM IST

নগাঁও সদৰ সমষ্টিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা অনুমোদিত কেইবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma inaugurates development works in Nagaon) । শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠা শুভ উদ্ধোধন কৰি নগাঁৱক নতুন ৰূপত গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে উল্লেখ কৰে বিধায়গৰাকীয়ে(MLA Rupak Sharma resolves to reshape Nagaon)

MLA Rupak Sharma inaugurates development works in Nagaon
নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও,১৪ ফ্ৰেব্ৰুৱাৰী:সোমবাৰে নগাঁও সমষ্টিৰ অন্তৰ্গত বহুকেইটা স্থানত কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma inaugurates development works in Nagaon) । সোমবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰীত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আন্তঃগাঁথনি উন্নয়নৰ কেবাটাও কামৰ শুভাৰম্ভ কৰাৰ লগতে নগাঁৱৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ নৱনির্মিত দেৱাল আৰু ডিজিটেল শ্ৰেণীকোঠাৰো শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma) ।

সোমবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আন্তঃগাঁথনি উন্নয়ন কৰা কাছমাৰী নৱজ্যোতি পুথিভঁৰাল, কাছমাৰী ৰাস মণ্ডপৰ মণিকূট, কাছমাৰী হৰিমন্দিৰৰ মণিকূট, বামুণগাঁও নামঘৰৰ মণিকূট, মহেখুছা কীৰ্ত্তন ঘৰ, মহেখুছা ৰভাঘৰৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই । ইয়াৰ পিছতেই নগাঁৱৰ শিলমুগুৰি প্ৰাথমিক বিদ্যালয়ৰ নৱনির্মিত দেৱালৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই ।

ইফালে এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হোৱা নগাঁৱৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত নতুনকৈ স্থাপন কৰা ডিজিটেল শ্ৰেণীকোঠাৰো শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma inaugurates digital classroom in Nagaon) । উল্লেখযোগ্য যে, নগাঁৱৰ শিলমুগুৰি প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ শৈক্ষিক পৰিবেশৰ বাবেই চৰকাৰী খণ্ডৰ বিদ্যালয়খনত ব্যক্তিগত বিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে নাম কৰ্তন কৰি ভৰ্তি হৈছে ।

এই সন্দৰ্ভত ইতিপূৰ্বে ই টি ভি ভাৰতত বিস্তৃতভাৱে বাতৰি প্ৰকাশ হৈছিল । সোমবাৰে কাছমাৰীত তিৱা স্বায়ত্বশাসিত পৰিষদৰ অধীনত কেবাটাও উন্ময়নমূলক কামৰ লগতে শিলমুগুৰি প্ৰাথমিক বিদ্যালয়ৰ দেৱাল আৰু ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্ধোধন কৰি বিধায়ক ৰূপক শৰ্মাই আগবঢ়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য । নিজকে চৰ্চাৰ পৰা বিৰত ৰাখিব বিচৰা বুলি উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য যে ৰাইজে চর্চা তথা বিতৰ্কৰ বিপৰীতে কেৱল উন্নয়ন বিচাৰে । সেয়ে নগাঁও সদৰ সমষ্টিত প্ৰায় প্ৰতিদিনেই উন্নয়নমূলক কামত গুৰুত্ব প্ৰদান কৰা হৈছে ।

নগাঁও চহৰৰ লগতে নগাঁও সদৰ সমষ্টিৰ গাঁও অঞ্চলতো যাতায়ত, শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰখা হৈছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । বিগত কাৰ্যকালতো কেৱল উন্নয়ন মূলক কাম কৰাৰ বাবেই ৰাইজে পুনৰবাৰ নিৰ্বাচিত কৰাৰ কথাও মত প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাই । লগতে নগাঁও সদৰ সমষ্টিক এক নতুন ৰূপত গঢ় দিয়াৰ সংকল্প লোৱাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে বিধায়ক শৰ্মাই(MLA Rupak Sharma resolves to reshape Nagaon) ।

বিধায়ক ৰূপক শৰ্মাৰ লগতে শুভাৰম্ভ অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্যা বিশ্বজ্যোতি পাটৰ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পঙ্কজ বৰা, খাগৰিজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলী কোঁৱৰ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ বিদুৎ বৰদলৈ প্ৰমুখ্যে বহুকেইগৰকাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে । উল্লেখ্য যে, দেওবাৰেও নগাঁও সদৰ সমষ্টিৰ ১৩ টাকৈ পথ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰিছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক:Leopard caged in Jorhat: বন বিভাগৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ABOUT THE AUTHOR

...view details