অসম

assam

ডিব্ৰুগড়ত 60 টা ৰে'লৰ ডবাত স্থাপন আইচলেচন ৱাৰ্ড !

By

Published : Apr 7, 2020, 5:26 PM IST

কৰ'ণা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইত সাজু কৰা হৈছে কোৱাৰেনন্টাইন কক্ষ ৷ ভাৰতীয়া ৰেল বিভাগৰ দ্বাৰা ডিব্ৰুগড়ত 60 টাকৈ ৰেলৰ ডবা সাজু কৰা হৈছে আইচ'লেচন কক্ষৰ বাবে ৷

isolation ward prepared in 60 numbers of train carriages
isolation ward prepared in 60 numbers of train carriages

ডিব্ৰুগড়, 7 এপ্ৰিল : কৰ'ণাৰ সৈতে যুঁজিবলৈ তৎপৰতা অব্যাহত ৰাখিছে ভাৰতীয় ৰে'লৱে বিভাগে । দেশৰ অন্যান্য প্ৰান্তত ৰে'লৱে' ডবা সমুহ আইচ'লেচন ডবালৈ পৰিবৰ্তন কৰাৰ লগতে ডিব্ৰুগড় ৰে'ল ষ্টেচনতো ৰে'ল বিভাগে সাজু কৰিছে ৬০টাকৈ আইচ'লেচন ডবা। য'ত থাকিব 540 খন বিছনা । অৱশ্যে ইয়াৰে 480খন ৰোগীৰ বাবে আৰু 60খন বিছনা চিকিৎসকৰ বাবে থাকিব । সকলো সুবিধা উপলব্ধ থকা আইচ'লেচন ডবা ইতিমধ্যে যুদ্ধকালীন প্ৰচেষ্টাৰে সাজু কৰা হৈছে । ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে' ষ্টেচনৰ কচ্ মেণ্টেনেছ ডিপোত 30 টা ডবা আৰু ডিব্ৰুগড়ৰ ৰে'লৱে' কাৰখানাত 30টা ডবা নিৰ্মাণ কৰি থকা হৈছে । য'ত জৰুৰীকালীনভাবে সন্দেহজনক কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক ৰখাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব ।

ডিব্ৰুগড়ত 60 টা ৰে'লৰ ডবাত স্থাপন আইচলেচন ৱাৰ্ড !

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে ৰোগীৰ বাবে আইচ'লেচন কক্ষ নিৰ্মাণ কৰা লগতে বৰ্তমান 3633গৰাকীক কোৱাৰেণ্টাইনত ৰখা হৈছে। কিন্তু সুখবৰ যে,বৰ্তমান লৈকে ডিব্ৰুগড় জিলাত COVID19 আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই । আনহাতে, গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ ব্যৱসায়ী মনিষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ডিব্ৰুগড়ৰ দুটা পৰিয়াল আৰু দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণকাৰী সকল আৰু তেওঁলোকৰ পৰিয়ালৰ নমুনা সংগ্ৰহ কৰি ICMR লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও COVID19ৰ উপস্থিতি ধৰা নপৰিল । অৱশ্যে যিকোনো পৰিস্থিতি তথা সময়তে মহামাৰী কৰ'ণা ভাইৰাছ অথবা COVID19ৰ সৈতে যুঁজিবলৈ সাজু আছে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ ।
লগতে পঢ়ক :ভাৰতে অন্য দেশলৈ হাইড্ৰক্সিক্ল'ৰিকুইন ৰপ্তানি কৰা বিষয়ত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details