মীন আইন উলংঘাকাৰী বিৰুদ্ধে কঠোৰ মীন বিভাগ, জাৰি কৰিছে 144 ধাৰা - action on Fisheries Act violators
Section 144 issued on Fisheries Act violators : এতিয়া মাছৰ প্ৰজননৰ সময় ৷ মীন মহলসমূহলৈ কঠোৰ নিৰ্দেশনা মীন বিভাগৰ ৷ উলংঘাকাৰীয়ে খাব লাগি ৰঙাঘৰৰ ভাত ৷

Published : June 13, 2024 at 2:23 PM IST
ধেমাজি, 13 জুন : অসম প্ৰাকৃতিক সম্পদত চহকী বুলি কোৱা হয় ৷ ৰাজ্যখনত থকা বিল আৰু নৈ উপনৈসমূহে মীন উৎপাদনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ৷ মীন সম্পদৰ প্ৰাচুৰ্যতা, মাছৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সাম্প্ৰতিক সময়ত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদনৰ প্ৰয়োজনীয়তা আহি পৰিছে । সেয়ে প্ৰতিবছৰে মাছৰ প্ৰজননৰ সময়ছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্ৰত মীন বিভাগে কিছু নিষেধাজ্ঞা আৰোপ কৰিছে ।
সেই নিষেধাজ্ঞা অনুসৰি, লীজত লোৱা মীন মহল কোনো মহলদাৰে পানী সিঁচি শুকুৱাই পেলাব নোৱাৰিব ৷ কোনো মীন মহলত কোনো লোকে মৰাপাট গেলাব নোৱাৰিব ৷ পহিলা এপ্ৰিলৰ পৰা 15 জুলাইলৈ 7 ছেঃমিঃ বাৰ /14 ছেঃমিঃত কৈ কম পাহিৰ বেৰজালো, মহাজাল, ফাঁচি জাল বা অন্য যিকোনো জাল মীন মহলত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে ৷
কোনো মীন মহলত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ মাছৰ প্ৰজনন ঋতুৰ সময়ত ৰৌ, বাহু, মিৰিকা, মালি, চিতল, কুঢ়ি আদি প্ৰজাতিৰ কণী থকা গাভিনী মাছ ধৰিব নোৱাৰিব ৷ পহিলা আগষ্টৰ পৰা 31 অক্টোবৰলৈ ৰৌ, বাহু, মিৰিকা, চিতল, পিঠিয়া আদি মাছৰ 23 ছেঃমিঃ দৈৰ্ঘতকৈ তলৰ আৰু মালি ভাঙন কুঢ়ি মাছৰ ১০ ছেঃমিঃ দৈৰ্ঘতকৈ সৰু মাছ, খোৱা বা বিক্ৰীৰ বাবে ধৰিব অথবা মাৰিব নোৱাৰিব ৷
অনুৰূপভাৱে 1 মে’ৰ পৰা 15 জুলাইলৈ কোনো নদী, ডোবা, বিল বা মীন মহলত 7 বৰ্গ ছেঃমিঃতকৈ সৰু ফাঁকৰ অস্থাৱৰ জাল মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ উল্লেখ্য যে, এই নিষেধাজ্ঞাসমূহ বা মীন আইন ভংগ কৰিলে অসম মীন আইনৰ 22 নং আৰু 41 নং ধাৰা অনুসৰি আইন ভংগকাৰীসকলক জৰিমনা বিহাৰ লগতে বিধি অনুসৰি কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।
ইতিমধ্যে এইক্ষেত্ৰত ধেমাজি জিলা মীন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতা অনাৰ প্ৰয়াস কৰিছে ৷ মীন বিভাগে বিভিন্ন মাছৰ বজাৰসমূহ আৰু মীন মহলসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জিলা মীন উন্নয়ন বিষয়া লক্ষীনাথ লাগাছুৱে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Banned Thailand mackerel: প্ৰশাসনে পুতিলে মৰিয়নিত জব্দকৃত নিষিদ্ধ থাইলেণ্ড মাগুৰ

