অসম

assam

Foreigners Visits at Kaliabor : বিদেশী পৰ্যটকে পৰিদৰ্শন কৰিলে কলিয়াবৰৰ চাহ বাগিচা

By

Published : Mar 17, 2023, 10:04 PM IST

এম ভি মহাবাহু জাহাজৰে আকৌ শিলঘাট পালেহি জাৰ্মান, ফ্ৰান্স, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ পৰ্যটকৰ এটি দল (Foreign tourists gather at Kaliabor)। শুকুৰবাৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈয়ে বিদেশী পৰ্যটকে পৰিদৰ্শন কৰিলে চাহ বাগিচা । টুকুৰী ওলমাই চাহপাত তুলি আনন্দিত হৈ পৰে বিদেশী পৰ্যটক । মহিলা চাহ শ্ৰমিকে শিকাই দিলে পাত তোলাৰ কৌশল । আনকি চাহ বাগিচাৰ মাজত বিহু দলৰ নাচনীৰ সৈতে বিহু নাচি আনন্দিত হৈ পৰে বিদেশী পৰ্যটকৰ দলটো ।

Foreigners Visits at Kaliabor
শিলঘাট নদী ঘাটত উপস্থিত বিদেশী পৰ্যটক

কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন

কলিয়াবৰ, 17 মাৰ্চ :নদী পৰ্যটনে বহন কৰিছে এক অনন্য মাত্ৰা (River tourism in Assam) । বিশেষকৈ অসমৰ সুন্দৰ পৰ্যটনস্থলীয়ে হাত বাউলী দি মাতিছে এতিয়া বিদেশী পৰ্যটকক । যাৰবাবে সঘনে শিলঘাট-কাজিৰঙালৈ আগমণ ঘটিছে বহু বিদেশী পৰ্যটকৰ । সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱে দি শুকুৰবাৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হ’ল 30 জনীয়া এটি বিদেশী পৰ্যটকৰ দল (Foreign tourists gather at Kaliabor in Nagaon)।

গুৱাহাটী পাণ্ডুৰ পৰা এম ভি মহাবাহু জাহাজৰে অসমৰ পৰ্যটন ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ শিলঘাট নদী ঘাটত উপস্থিত হ’ল জাৰ্মান, ফ্ৰান্স, অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ পৰ্যটকৰ দলটো (MV Ganga Vilas river journey)। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগত থকা পথৰ কাষৰ কলিয়াবৰ চাহ বাগিচাৰ এটা অংশত উপস্থিত হৈ বিহু নৃত্য উপভোগ কৰিলে বিদেশী পৰ্যটকৰ দলটোৱে ।

আনকি চাহ বাগিচাত বিদেশী পৰ্যটকে শিকিলে কেঁচাপাত তুলাৰ কৌশলো ৷ কিয়নো মহিলা চাহ শ্ৰমিকে কেঁচাপাত তুলি থকা দেখি কৌতূহল বাঢ়িল বিদেশী পৰ্যটকৰ ৷ সেয়ে মহিলা চাহ শ্ৰমিকে বিদেশী পৰ্যটকক শিকাই দিলে কেঁচাপাত তোলাৰ কৌশল ৷

লগতে পঢ়ক :MV Ganga Vilas Cruise: শিলঘাটত উপস্থিত নদী ক্ৰুজ এম ভি গংগা বিলাস

ইয়াৰ পাচতে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা বিদেশী পৰ্যটকৰ দলটোৱে দুপৰীয়া ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে ৰাওনা হয় । কলিয়াবৰ চাহ বাগিছাৰ মাজেৰে যোৱা শিলঘাট কামাখ্যা মন্দিৰ-সোণাৰী গাঁও পথত বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ জাৰি কৰা 144 ধাৰাৰ বাবেই পৰ্যটকে পৰিদৰ্শন কৰা স্থান আৰু পথৰ কিছু সালসলনি কৰা হৈছিল ।

উল্লেখ্য যে, বিগত এমাহজুৰি কলিয়াবৰ চাহ বাগিছাৰ লগতে শিলঘাট কামাখ্যা মন্দিৰ-সোণাৰী গাঁও পথ আৰু ত্ৰিশূলধাৰী পথত ঢেকীয়াপতীয়া বাঘৰ এটি পৰিয়ালে বিচৰণ কৰাত বনৰজাৰ সুৰক্ষাৰ বাবেই মহকুমা প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা । 144 ধাৰাক লৈ এতিয়া যথেষ্ট কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসন-বনবিভাগ ।

লগতে পঢ়ক :MV Ganga Vilas Returns : গংগা বিলাসৰ উভতনি যাত্ৰা

ABOUT THE AUTHOR

...view details