MV Ganga Vilas Returns : গংগা বিলাসৰ উভতনি যাত্ৰা

By

Published : Mar 6, 2023, 7:31 PM IST

thumbnail

কলিয়াবৰ, 6 মাৰ্চ : উভতনি যাত্ৰাপথত শিলঘাটত দেওবাৰে বিয়লি লংগৰ পেলায় দেশৰ সকলোতকৈ বৃহৎ আৰু ব্যয়বহুল নদীৰ ক্ৰুজ এম ভি গংগা বিলাসে (MV Ganga Vilas Returns from Kaliabor) । গংগা বিলাসত পৰিভ্ৰমণ (MV Ganga Vilas river journey) কৰা পৰ্যটকসকলে নিশা জাহাজখনতে উপভোগ কৰে বিহু আৰু ঝুমুৰ নৃত্য । কলিয়াবৰৰ স্থানীয় কলা-কুশলীয়ে পৰিৱেশন কৰে বিহু আৰু ঝুমুৰ নৃত্য । বিগত 23 ফেব্ৰুৱাৰী তাৰিখে 28 জনীয়া পৰ্যটকৰ দল এটাক লৈ কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈছিল ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস ক্ৰু’জৰ যাত্ৰা যোৱা 13 জানুৱাৰীত উদ্বোধন কৰিছিল । বিগত 13 জানুৱাৰীত এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।

ভাৰত আৰু বাংলাদেশৰ 27 খন নদী পাৰ হৈ 51 দিনত প্ৰায় 3200 কিলোমিটাৰ ভ্ৰমণ কৰে ৷ 51 দিনৰ অন্তত অসমৰ ডিব্ৰুগড়ৰ পৰা উভতনি যাত্ৰা কৰে গংগা বিলাসে ।

লগতে পঢ়ক : Ended MV Ganga Vilas river journey : ডিব্ৰুগড়ত অন্ত পৰিল এম ভি গংগা বিলাসৰ নৌকা বিহাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.