অসম

assam

Azadi Ka Amrit Mahotsav, নগাঁৱত CRPF ৰ বাস্কেটবল প্ৰতিযোগিতা

By

Published : Aug 12, 2022, 8:35 AM IST

Updated : Aug 13, 2022, 12:06 PM IST

দেশৰ ৭৫ সংখ্য়ক স্বাধীনতা দিৱস(75th years of Independence of India) উপলক্ষে দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) কাৰ্যসূচী হিচাপে অসমতো জিলাই জিলাই বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে । নগাঁৱত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি CRPF এ আয়োজন কৰে এখনি বাস্কেটবল প্ৰতিযোগিতাৰ(CRPF basketball tournament in Nagaon) ।

crpf basketball tournament in nagaon
নগাঁৱত CRPF ৰ বাস্কেট বল প্ৰতিযোগিতা

নগাঁও,১১ আগষ্ট:দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th years of Independence of India) উপলক্ষে সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) ৷ ইয়াৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়নৰ উদ্দেশ্য CRPF ৰ ৩৪ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় CRPFৰ ইন্টাৰ বেটেলিয়ান বাস্কেট বল প্ৰতিযোগিতা (CRPF basketball tournament in Nagaon)।

নগাঁৱৰ নুৰুল আমিন ইণ্ডৰ ষ্টেডিয়ামত যোৱা সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা ইন্টাৰ বেটেলিয়ন বাস্কেটবল প্ৰতিযোগিতা খনিৰ বৃহস্পতিবাৰে সামৰণি পৰে (CRPF basketball tournament in Nagaon) । উত্তৰ-পূৰ্বাঞ্চলৰ CRPF ৰ মুঠ ১৩ টা বেটেলিয়ান কোম্পানীয়ে অংশগ্ৰহণ কৰা বাস্কেট বল প্ৰতিযোগিতাৰ চূড়ান্ত খেল‌খনত শিলচৰৰ ১৪৭ নং বেটেলিয়ানক অৰুণাচল প্ৰদেশৰ ১৮৬ নং বেটেলিয়ানে ৩১-১৬ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

নগাঁৱত CRPF ৰ বাস্কেট বল প্ৰতিযোগিতা

আনহাতে খেলখনত যোৰহাটৰ ১১৯ নং বেটেলিয়ানে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি CRPF এ আয়োজন কৰা বাস্কেট বল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে IGP ছৰ্বিত সিং, ছেকেণ্ড কামাণ্ডেণ্ট আৰ.কে শ্ৰীবাস্তৱ, ডেপুটী কামাণ্ডেণ্ট
ৰান সিং, এচিচটেন্ট কামাণ্ডেণ্ট সুশান্ত সৰকাৰৰ লগতে CRPFৰ ৩৪ নং বেটেলিয়ানৰ জোৱান সকল ।

লগতে পঢ়ক:Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি-ৰাজনীতিক-সমাজকৰ্মীৰ ঘৰলৈ গৈ জাতীয় পতাকা প্ৰদান মুখ্যমন্ত্ৰীৰ

Last Updated :Aug 13, 2022, 12:06 PM IST

ABOUT THE AUTHOR

...view details