অসম

assam

Hand craft by college teacher: নগাঁৱৰ এগৰাকী শিক্ষাবিদৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ সামগ্ৰী

By

Published : Dec 7, 2022, 7:05 PM IST

নগাঁৱৰ এগৰাকী অধ্যক্ষই নিৰ্মাণ কৰি উলিয়াইছে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী ৷ ব্যস্ততাৰ মাজতো তেঁও নিৰ্মাণ কৰিছে অসমৰ ঐতিহ্য বহনকাৰী বিভিন্ন সামগ্ৰী । লগতে নিৰ্মাণ কৰিছে শৰাইঘাট ৰণত ব্যৱহৃত এখন নাৱৰ আৰ্হি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে তেঁও প্ৰদান কৰিব এই নাওখন ৷

Hand craft by college teacher
নগাঁৱৰ এগৰাকী অধ্যক্ষৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ সামগ্ৰী

নগাঁও, 7 ডিচেম্বৰ:মধ্য অসমৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কুটিৰ শিল্পই(Anandaram Dhekial Phookan College, Nagaon) । ব্যস্ততাৰ মাজতো নিজ ঘৰতে বাঁহ বেতেৰে নিৰ্মাণ কৰিছে অসমৰ ঐতিহ্য বহনকাৰী বিভিন্ন সামগ্ৰী । এয়া অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীৰ হাতৰ পৰশত নিৰ্মিত বিভিন্ন সমলৰ আৰ্হি(Dr Surajit Kumar)।

নগাঁৱৰ এগৰাকী অধ্যক্ষৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ সামগ্ৰী

অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতীক বহন কৰা আৰ্হিও নিৰ্মাণ কৰিছে বাঁহ বেতেৰেই(Product of bamboo tree) । কাৰ্বি জনগোষ্ঠীৰ বাসগৃহৰ আৰ্হিৰ লগতে আহোম ৰাজত্বকালৰ প্ৰতীক বহন কৰা ৰংঘৰৰ আৰ্হিৰ লগতে বাঁহেৰে নিৰ্মাণ কৰিছে বিভিন্ন সামগ্ৰী । ইয়াৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰো বহু প্ৰতীকৰ আৰ্হি নিৰ্মাণ কৰিছে এইগৰাকী কলেজ অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে । নগাহাট, খাচী হাটৰ আৰ্হিও নিৰ্মাণ কৰিছে বাঁহ বেতেৰেই।

কেৱল এয়াই নহয়, বাঁহ বেতেৰে এইগৰাকী অধ্যক্ষই নিৰ্মাণ কৰিছে শৰাইঘাট ৰণত ব্যৱহাৰ হোৱা নাৱৰ আৰ্হিও(Battle of Saraighat)। বিশেষকৈ শৰাইঘাট ৰণত বীৰ লাচিত বৰফুকনে ব্যৱহাৰ কৰা নাৱৰ আৰ্হি নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিবলৈ(CM Himanta Biswa Sarma) । বাঁহৰ এই বিশেষ নাও উপহাৰ দিবলৈ সাজি উলিয়াইছে অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে ।

উল্লেখযোগ্য যে, বিগত ক'ভিড ১৯ ৰ ভয়াৱহ সময়তে এইগৰাকী অধ্যক্ষই আৰম্ভ কৰিছিল বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণৰ প্ৰক্ৰিয়া(Covid19 pandemic)। ছাত্ৰ ছাত্ৰীক বাঁহ বেতৰ সামগ্ৰীৰে স্বাৱলম্বী হোৱাৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেই অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে বাঁহ বেতেৰে নিৰ্মাণ কৰিছে বিভিন্ন সামগ্ৰী । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে বিভিন্নজনে ।

লগতে পঢ়ক:National AYUSH Institutions : ১১ ডিচেম্বৰত মুকলি হ’ব তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details