অসম

assam

WFF World Championships: বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল

By

Published : Nov 26, 2022, 3:58 PM IST

বিশ্বৰ বুকুত জিলিকিল সৰুৰে পৰা শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত নগাঁৱৰ এজন যুৱক । যুৱকজনৰ নাম চৰিফুল শইকীয়া (Bodybuilder Saiful Saikia)৷ নগাঁও চহৰতে শৰীৰ চৰ্চা প্ৰতিষ্ঠান স্থাপনেৰে প্ৰতিষ্ঠা লাভ কৰা যুৱক চৰিফুল শইকীয়া এইবাৰ জিলিকিল বিশ্বৰ বুকুত ।

WFF World Championships
বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল

নগাঁও, 26 নৱেম্বৰ : বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ যুৱক । নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে শৰীৰ চর্চাবিদ চৰিফুলে (Bodybuilder Saiful Saikia)৷ মিষ্টাৰ ইণ্ডিয়া বিজয়ী চৰিফুলে লাভ কৰিলে মিষ্টাৰ ৱৰ্ল্ডৰ ৰানাৰ্ছ আপ খিতাপ (Mr world runners up)।

বিশ্বৰ বুকুত জিলিকিল নগাঁৱৰ চৰিফুল

এইবাৰ বিশ্বৰ বুকুত জিলিকিল সৰুৰে পৰা শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত নগাঁৱৰ এজন যুৱক । যুৱকজনৰ নাম চৰিফুল শইকীয়া ৷ নগাঁও চহৰতে শৰীৰ চৰ্চা প্ৰতিষ্ঠান স্থাপনেৰে প্ৰতিষ্ঠা লাভ কৰা যুৱক চৰিফুল শইকীয়া এইবাৰ জিলিকিল বিশ্বৰ বুকুত । ইণ্ডোনেছিয়াৰ লোম্বকত অনুষ্ঠিত হোৱা মিষ্টাৰ বৰ্ল্ডৰ ৰানাৰ্ছ আপ খিতাপ অর্জন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে চৰিফুলে (WFF World Championships)।

উল্লেখ্য যে, ইণ্ডোনেছিয়াত অনুষ্ঠিত মিষ্টাৰ ৱৰ্ল্ডত(Mr world competition in Indonesia) বিশ্বৰ ৩৫ খন দেশৰ মুঠ ৩৪৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । বিশ্বৰ ৩৪৭ গৰাকী খেলুৱৈৰ মাজতে মিষ্টাৰ বৰ্ল্ডৰ ৰানাৰ্ছ আপ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় নগাঁৱৰ শৰীৰ চর্চাবিদ যুৱক চৰিফুল শইকীয়াই । মিষ্টাৰ বৰ্ল্ডৰ ৰানাৰ্ছ আপ খিতাপ অর্জন কৰি এতিয়া উৎফুল্লিত হৈ পৰিছে নগাঁৱৰ চৰিফুল শইকীয়া ।

উল্লেখযোগ্য যে, ২০১৬ চনত মিষ্টাৰ ইণ্ডিয়া(Mr India 2016), ২০১৭ আৰু ২০১৮ চনত পুনৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ অর্জন কৰিছিল চৰিফুল শইকীয়াই । পৰৱৰ্তী সময়ত মিষ্টাৰ ইউনিভাৰ্চৰ ছিলভাৰ জয় কৰিবলৈ সক্ষম হৈছিল এইজন চৰিফুল শইকীয়াই । শেহতীয়াকৈ মিষ্টাৰ ৱৰ্ল্ডৰ ৰানাৰ্ছ আপ লাভ কৰি নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা চৰিফুল শইকীয়াক লৈ এতিয়া উৎফুল্লিত নগাঁওবাসী ।

লগতে পঢ়ক :FIFA World Cup 2022: বিশ্বকাপত আমেৰিকাক পৰাস্ত কৰা স্বপ্ন ভংগ ইংলেণ্ডৰ

ABOUT THE AUTHOR

...view details