ETV Bharat / sports

FIFA World Cup 2022: বিশ্বকাপত আমেৰিকাক পৰাস্ত কৰা স্বপ্ন ভংগ ইংলেণ্ডৰ

author img

By

Published : Nov 26, 2022, 12:47 PM IST

আনহাতে, ইংলেণ্ড আৰু আমেৰিকাৰ মাজত বিশ্বকাপৰ ধাৰা এইবাৰো অব্যাহত আছে । উল্লেখ্য, বিশ্ব মঞ্চত ইংলেণ্ডে আমেৰিকাক এবাৰো পৰাস্ত কৰিব পৰা নাই (England ended draw with America) । এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল ।

FIFA
FIFA

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ : কাটাৰত চলিত বিশ্বকাপ বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়িছে (FIFA World cup 2022) । আয়োজক দেশ কাটাৰৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হোৱাটো এক প্ৰকাৰ নিশ্ছিত হৈছে (Qatar world cup football) । আনহাতে, ইংলেণ্ড আৰু আমেৰিকাৰ মাজত বিশ্বকাপৰ ধাৰা এইবাৰো অব্যাহত আছে । উল্লেখ্য, বিশ্ব মঞ্চত ইংলেণ্ডে আমেৰিকাক এবাৰো পৰাস্ত কৰিব পৰা নাই (England ended draw with America) । এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল ।

বিশ্বৰ দুই শক্তিশালী দেশৰ মাজৰ দুই ভৰিৰ যুঁজখন গ'লশূন্যভাৱে সমাপ্ত হয় । ফলত বিশ্বকাপত আমেৰিকাক পৰাস্ত কৰাৰ ইংলেণ্ডৰ সপোন সপোন হৈয়ে ৰ'ল, অন্তত এই মুহূৰ্তৰ বাবে । ইৰাণৰ বিৰুদ্ধে ছয়টা গʼলৰ জয়েৰে নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচৰ দুৰ্দান্ত আৰম্ভণি কৰিছিল ইংলেণ্ডে । ইতিমধ্যে ফুটবল বিশ্লেষকসকলে এইবাৰৰ বিশ্বকাপৰ সম্ভাৱ্য অন্তিম চাৰিটা দলৰ মাজত স্থান দিছে ‘থ্ৰী লায়ন্সʼক । কিন্তু দ্বিতীয়খন মেচত উজুটি খালে হেৰী কেন বাহিনীয়ে (Harry Kane) ।

শুকুৰবাৰে নিশা আল বেইট ষ্টেডিয়ামত (Al Bayt Stadium) অনুষ্ঠিত নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচখনত ইংলেণ্ডে আমেৰিকাৰ সৈতে গʼলবিহীন ড্ৰ খেলে । অৱশ্যে দুয়োটা দলে গʼল কৰাৰ যথেষ্ট সুযোগ লাভ কৰিছিল । কিন্তু হেৰী কেন, খ্ৰীষ্টিয়ান পুলিচিচে লক্ষ্যভ্ৰষ্ট হয় । অৱশ্যে দুয়োটা দলৰ ভিতৰত খেলখনত আমেৰিকাই আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয় । কিন্তু জয়ৰ সোৱাদ নাপালেও পৰাজয়বৰণ নকৰাকৈ খেল সামৰে প্ৰশিক্ষক গেৰেথ ছাউথগেটৰ ইংলেণ্ডে (Gareth Southgate) ।

আনহাতে, প্ৰথমখন মেচত ৬টাকৈ গʼল দিয়াৰ পাছতো আমেৰিকাৰ বিৰুদ্ধে ইংলেণ্ডে এজনো ষ্ট্ৰাইকাৰ নাপালে । ইয়াৰ বিপৰীতে এটা সময়ত আমেৰিকানসকলৰ তীব্ৰ হেঁচাত খোপনি হেৰুওৱাৰ উপক্ৰম ঘটিছিল ষ্টাৰলিং আৰু মেগুৱেৰৰ । তাৰ মাজতে পুলিচিচৰ এটা শ্বটে গ'লবাৰত খুন্দা নামাৰাহেঁতেন ছাউথগেটৰ দলটোৱে গʼল কৰিলেহেঁতেন । অৱশ্যে ইংলেণ্ডৰ প্ৰশিক্ষকৰ বাবে এটা ভাল কথা যে আঘাতৰ ভয় অতিক্ৰম কৰি সমগ্ৰ নব্বৈ মিনিট ধৰি খেলপথাৰত থাকে হেৰী কেন ।

উল্লেখ্য, নিজৰ প্ৰথম গ্ৰুপ মেচত আমেৰিকাই ৱেলছৰ বিৰুদ্ধে জয়লাভ কৰিছে । আনহাতে, ইংলেণ্ডে প্ৰথমখন মেচত ইৰাণক ৬-২ গʼলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ আৰম্ভণি কৰে । শুকুৰবাৰৰ জয়লাভে অন্তিম ষোল্লত স্থান নিশ্চিত কৰিলেহেঁতেন । কিন্তু ইয়াৰ বাবে এতিয়া আৰু অপেক্ষা কৰিব লাগিব ।

উল্লেখ্য, বিশ্বকাপৰ ইতিহাসত ইংলেণ্ডে আমেৰিকাক কেতিয়াও পৰাস্ত কৰিব পৰা নাই । সেই অভিলেখ বৰ্তমানো অব্যাহত আছে । গেৰেথ ছাউথগেটৰ হাতত আছে 'ৱিনিং কম্বিনেচন' । দল গঠনতো কোনো পৰিৱৰ্তন হোৱা নাই । কিন্তু ইংলেণ্ডে ইৰাণৰ বিৰুদ্ধে খেলা মেচখনৰ ৫০ শতাংশ প্ৰদৰ্শনো আগবঢ়াব নোৱাৰিলে আমেৰিকাৰ বিৰুদ্ধে । তাৰ উপৰি টিমথি ৱেহৰ বাহিৰে বিপক্ষ দলত কোনো তাৰকা ফুটবলাৰো নাছিল । তাৰ তুলনাত কিন্তু ছাউথগেটৰ দলটোৱে একাধিক মেচত বিজয়ী হৈছে ।

লগতে পঢ়ক :FIFA world Cup 2022: বিশ্বকাপৰ উন্মাদনা ! খেল চাবলৈ ২৩ লাখত ঘৰ ক্ৰয় কেৰালাৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.