অসম

assam

Government school in Nagaon: নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

By

Published : Jan 20, 2023, 9:40 PM IST

এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে
Government run school attract students in Nagaon ()

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চেৰ পেলোৱা এখন চৰকাৰী বিদ্যালয় (Government run school attract students in Nagaon) ৷ বিদ্যালয়খনত প্ৰতি বছৰেই বৃদ্ধি হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ সন্তানৰ বাবে অভিভাৱকৰ পছন্দৰ বিদ্যালয় এইখন ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰি বহু শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰা হৈছে চৰকাৰী বিদ্যালয়খনত ৷ এইখন বিদ্যালয়ৰ নাম শিমলুগুৰি প্ৰাথমিক বিদ্যালয় ৷

নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

নগাঁও, 20 জানুৱাৰী: অতি পৰিষ্কাৰ, পৰিচ্ছন্ন চৌহদেৰে পৰিবেষ্টিত এখন চৰকাৰী বিদ্যালয় । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰেই এক সুন্দৰ পৰিবেশ গঢ়ি তোলা হৈছে চৰকাৰী খণ্ডৰ এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত । কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাই নহয়, বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনো গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ (Government run school attract students in Nagaon) । যাৰ বাবে চৰকাৰী খণ্ডৰ এই বিদ্যালয়খনত প্ৰতি বছৰেই বৃদ্ধি হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । বিদ্যালয়খনৰ সামগ্ৰিক পৰিবেশত আকৃষ্ট বহু অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰি নাম ভৰ্তি কৰাইছে এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ।

উল্লেখযোগ্য যে, ১৯৫৬ চনত স্থাপন হোৱা এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪১৫ জনলৈ বৃদ্ধি পাইছে । ইপিনে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰা নিৰীক্ষকো আপ্লুত হৈ পৰে বিদ্যালয়খনৰ পৰিবেশ পৰ্যবেক্ষণ কৰি (Gunotshav 2023 in Assam) । জিলাখনৰ মুঠ ২১২৮ খন বিদ্যালয়ত আৰম্ভ হোৱা গুণোৎসৱৰ সমান্তৰালকৈ নগাঁৱৰ খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ এইখন শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰো বহি মূল্যায়ন সম্পন্ন হয় । বিদ্যালয়খনৰ গুণোৎসৱত নিৰীক্ষক ৰূপে থাকে নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্যি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ জোনালী শৰ্মা আৰু কটহগুহি মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা অশ্ৰুমণি ডেকা ।

লগতে পঢ়ক:Ghy Electricity Connection: হ’ল্ডিং নম্বৰ অবিহনে গুৱাহাটীত লাভ নকৰিব বিদ্যুৎ সেৱা

ইপিনে, নগাঁও জিলাৰ ছটা শিক্ষা খণ্ডৰ সৰ্বমুঠ ২১২৮ খনকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম দিনা স্ব-মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত শুকুৰবাৰৰ পৰা বিদ্যালয়সমুহত মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয় । জিলাখনৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ২৬৭খন বিদ্যালয়ত আছে ৩৭,৬০৭ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ জুৰীয়া শিক্ষা খণ্ডৰ ২৫০ খন বিদ্যালয়ত আছে ৪৫,৯৩১ গৰাকী ছাত্ৰ-ছাত্ৰী, কলিয়াবৰ শিক্ষা খণ্ডৰ ২২৩খন বিদ্যালয়ত আছে ২৭,৫৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী (Gunotshav in Nagaon)৷

একেদৰে কপিলী শিক্ষা খণ্ডৰ ২৬৩ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে ২৬,০৫৬ গৰাকী, কঠিয়াতলী শিক্ষা খণ্ডৰ ৩৩০খন বিদ্যালয়ত আছে ৩৭,৯৫০ গৰাকী ছাত্ৰ-ছাত্ৰী, খাগৰিজান শিক্ষা খণ্ডৰ ২২৬ খন বিদ্যালয়ত আছে ২৬,৮৯৯ গৰাকী ছাত্ৰ-ছাত্ৰী, লাওখোৱা শিক্ষা খণ্ডৰ ২৩৮ খন বিদ্যালয়ত ৩৪,০৩১ গৰাকী ছাত্ৰ-ছাত্ৰী, ৰূপহী শিক্ষা খণ্ডৰ ২৭০খন বিদ্যালয়ত ৩৩,৭৫৫ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু নগাঁও সদৰ শিক্ষা খণ্ডৰ ৬১খন বিদ্যালয়ৰ ১৫,৬৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছে (Nagaon government school news) ৷

এইসকল ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা । এই সমগ্ৰ গুণোৎসৱৰ কাৰ্যসূচী সমুহ ৰূপায়ণৰ বাবে জিলাখনত মুঠ ২১২৮ গৰাকী নডেল শিক্ষক নিয়োগ কৰা হৈছে । তদুপৰি ৯৫১ গৰাকী বহিঃমূল্যায়নকাৰী বিষয়া আৰু ২৩৪ গৰাকী জ’ন অফিচাৰ নিয়োজিত কৰিছে জিলা শিক্ষা বিভাগে । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয় ময় ময় হৈ থকা সময়তে এখন চৰকাৰী বিদ্যালয়ে এইদৰে শিক্ষাৰ্থী আৰু অভিভাৱকক আকৰ্ষিত কৰিব পৰাতো শুভলক্ষণ ৷

চৰকাৰী বিদ্যালয় সমূহৰ অৱস্থা শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ দৰেই উন্নত হ’লে শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগিব কোনো শিশু ৷ কিয়নো সকলো অভিভাৱকৰে সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়ুওৱাৰ শক্তি-সামৰ্থ নাথাকে৷ তেনে শিশুৰ বাবে চৰকাৰী বিদ্যালয়েই একমাত্ৰ সম্বল ৷ সেয়ে চৰকাৰী বিদ্যালয়সমূহ উন্নত হ’লে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৰেই শিক্ষা লাভ কৰিব পাৰিব এইসমূহ বিদ্যালয়ত ৷

লগতে পঢ়ক:ULFA KLO treaty: আলফা-কেএলঅ’ৰ 22 বছৰ পুৰণি চুক্তিৰ বিষয়ে কি ক’লে অনুপ চেতিয়াই

ABOUT THE AUTHOR

...view details