ULFA KLO treaty: আলফা-কেএলঅ’ৰ 22 বছৰ পুৰণি চুক্তিৰ বিষয়ে কি ক’লে অনুপ চেতিয়াই

author img

By

Published : Jan 20, 2023, 6:51 PM IST

Updated : Jan 20, 2023, 7:52 PM IST

ULFA KLO treaty

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ মাজতে ২০০১ চনত হোৱা এখন চুক্তিৰ কথা সদৰী কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই (Anup Chetia on ULFA KLO treaty) । আলফাই কে এল অ'ৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিছিল পশ্চিমবংগ । চুক্তি অনুসৰি আলফাৰ কৰ্মক্ষেত্ৰ অসম আৰু কে এল অ'ৰ কৰ্মক্ষেত্ৰ পশ্চিমবংগ নিৰ্ধাৰণ কৰা হৈছিল । চুক্তিত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু কে এল অ'ৰ মুৰব্বী জীৱন সিংহই স্বাক্ষৰ কৰিছিল (ULFA KLO treaty 2001) ।

গুৱাহাটী, ২০ জানুৱাৰী: পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্র পন্থালৈ যোৱা কে এল অ’ৰ নেতা জীৱন সিংহ মূলসুঁতিলৈ ঘূৰি আহিছে (KLO Chief Jiban Singha came to peace talk) । লগে লগে চৰ্চালৈ আহিছে পৃথক কমতাপুৰৰ প্ৰসংগ । পুনৰ বিভাজিত হ'ব নেকি অসম ? আজিৰ তাৰিখত ৰাজ্যখনৰ বাবে এইটো এটা ডাঙৰ প্ৰশ্ন । ইফালে কে এল অ'ৰ মুৰব্বী জীৱন সিংহ আলোচনাৰ মেজলৈ অহাৰ লগে লগে চৰ্চালৈ আহিছে আলফা আৰু কে এল অ'ৰ মাজত হোৱা এখন চুক্তিৰ প্ৰসংগ (ULFA KLO treaty 2001) ।

তথ্য অনুসৰি, ২০০১ চনত ভূটানত হোৱা চুক্তি মৰ্মে কে এল অ'ৰ কৰ্মক্ষেত্র হ'ব পশ্চিমবংগ আৰু আলফাৰ অসম । অসম আৰু পশ্চিমবংগৰ অংশক লৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন হোৱাৰ সময়তে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই ভূটানত হোৱা চুক্তিৰ প্ৰসংগ সদৰী কৰিছে (Anup Chetia on ULFA KLO treaty) ।

লক্ষ্যনীয় বিষয় যে, আলফাৰ কোলাতেই জন্ম হৈছিল কমতাপুৰ লিবাৰেশ্যন অৰগেনাইজেশ্যন (Kamtapur Liberation Organisation) চমুকৈ কে এল অ'ৰ । বিশেষকৈ পশ্চিমবংগৰ শোষিত, নিস্পেষিত, অৱহেলিত কোচ ৰাজবংশী লোকসকলৰ বিষয়ে চিন্তা কৰিয়েই আলফাৰ দ্বাৰা গঠন হৈছিল কে এল অ' । পশ্চিমবংগত বাস কৰা কোচ ৰাজবংশীসকলৰ দুৰৱস্থা আৰু ৰাজ্যখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰি থাকিব লগীয়া হোৱা পৰিৱেশ আলফাৰ নেতৃত্বই বিভিন্ন সময়ত প্ৰত্যক্ষ কৰিছিল (Koch Rajbanshi people in West Bengal)।

আলফা নেতৃত্বই নিজেই তেওঁলোকৰ গৃহত থাকি সেই পৰিস্থিতিৰ উমান পাইছিল । আলফাৰ নেতৃত্বই কোচ ৰাজবংশী লোকসকলৰ মৰ্মবেদনা উপলব্ধি কৰিছিল । এই মৰ্মবেদনা উপলব্ধি কৰিয়েই পশ্চিমবংগৰ কোচ ৰাজবংশীলোকসকলৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আলফা নেতৃত্বই চিন্তা-চৰ্চা কৰি গঠন কৰিছিল কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ' । আলফা নেতা তথা সেই সময়ৰ সাংগঠনিক সম্পাদক অশান্ত বাঘফুকনে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল বুলি অনুপ চেতিয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Separate state or UT: মমতাৰ বাবে কেন্দ্ৰৰ গেম প্লেন হ’ব নেকি পৃথক কমতাপুৰ

আনহাতে, একালৰ আলফাৰ সদস্য তথা বৰ্তমান জীৱন সিংহৰ সতীৰ্থ দেৱজিৎ নাৰায়ণ দেৱেও কে এল অ' গঠনত গ্ৰহণ কৰিছিল মুখ্য ভূমিকা ৷ আলফাৰ কেন্দ্ৰীয় সমিতিয়ে অনুমোদন জনাইছিল কে এল অ' গঠনত । ২০০১ চনত আলফা আৰু কে এল অ'ৰ মাজত ভূটানত আলফাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত এক চুক্তি স্বাক্ষৰিত হৈছিল ।

চুক্তিখনৰ প্ৰসংগত অনুপ চেতিয়াই কয় যে, এই চুক্তিত আছিল আলফা আৰু কে এল অ'ৱে ঐক্যবদ্ধভাৱে কাম কৰা, কে এল অ'ৰ কেডাৰক প্ৰশিক্ষণ দিয়া, আৰ্থিকভাৱে যৌথ কাৰ্যসূচী গ্ৰহণ কৰা আদি বিষয়সমূহ । ৰাজনৈতিক বিষয়ৰ অংশ হিচাপে চুক্তিত আছিল কে এল অ'ৰ কৰ্মক্ষেত্ৰ । আলফাই কে এল অ'ৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিছিল পশ্চিমবংগ । এই বিষয়েও চুক্তিৰ মাধ্যমত বুজাপৰা হৈছিল । চুক্তি অনুসৰি আলফাৰ কৰ্মক্ষেত্ৰ অসম আৰু কে এল অ'ৰ কৰ্মক্ষেত্ৰ পশ্চিমবংগ নিৰ্ধাৰণ কৰা হৈছিল । সেই চুক্তিত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু কে এল অ'ৰ মুৰব্বী জীৱন সিংহই স্বাক্ষৰ কৰিছিল ।

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ মাজতে সেই চুক্তিৰ কথা সদৰী কৰিছে অনুপ চেতিয়াই । তেওঁ জীৱন সিংহ মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে আদৰণি জনাইছে । ভাৰত চৰকাৰ আৰু জীৱন সিংহৰ মাজত অনুষ্ঠিত হ'বলগীয়া শান্তি আলোচনাৰ মাজত বিশেষকৈ পশ্চিমবংগত বাস কৰা কোচ ৰাজবংশী লোকসকলৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে (formation of separate Kamatapur) ।

আনহাতে বাংলাদেশ আৰু নেপালতো বহু সংখ্যক কোচ ৰাজবংশীয় লোকে দ্বিতীয় আৰু তৃতীয়শ্ৰেণীৰ নাগৰিক হিচাপে বাস কৰি অহাৰ কথা উল্লেখ কৰি অনুপ চেতিয়াই তেওঁলোকৰ জীৱন আৰু অধিকাৰ সুৰক্ষাৰ দিশটোক আলোচনাত গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় । অসমত বাস কৰি থকা কোচৰাজবংশী লোকসকলে সন্মানজনকভাৱে বাস কৰাৰ লগতে সকলো সুবিধা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত তেওঁ কয় যে, পৃথক কমতাপুৰ ৰাজ্য গঠন কৰিবলৈ হ'লে বাংলাদেশ, পশ্চিমবংগ, বিহাৰ, নেপাল আৰু অসমৰ একোটাকৈ অংশ ল'ব লাগিব । কোচৰাজবংশী অধ্যুসিত অঞ্চল বুলি ক'লে নেপাল, বাংলাদেশ, বিহাৰ, অসম, পশ্চিমবংগ সামৰি এটা বৃহৎ অঞ্চল । গতিকে তেওঁলোকে যদি পৃথক কমতাপুৰ ৰাজ্য গঠনত এই দুখন বিদেশী ৰাষ্ট্ৰক সামৰি ল'ব পাৰে তেনে ভাল কথা ।

ইয়াৰ মাজতে অসমৰ এটা অংশক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে । এই ক্ষেত্রত বৰ্তমান পৰ্যন্ত অসম নাইবা ভাৰত চৰকাৰে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । গতিকে এইক্ষেত্রত সময়লৈ অপেক্ষা কৰিব লাগিব বুলি সদৰী কৰি তেওঁ একপ্ৰকাৰে অসমখন পুনৰ দ্বিখণ্ডিত নোহোৱাৰ পোষকতা কৰে ।

লগতে পঢ়ক: Lok Sabha Election 2024: লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি ৰাজ্যিক BJPৰ, ফেব্ৰুৱাৰীত নগাঁৱত BJPৰ বিশাল ৰাজহুৱা সভা

Last Updated :Jan 20, 2023, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.