অসম

assam

Cattle Smuggling : বৰঘাট বাইপাচত জব্দ 13 টা গৰুসহ টাটা ম’বাইল

By

Published : Nov 17, 2021, 8:59 AM IST

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ মংগলবাৰে নগাঁৱৰ বৰঘাট বাইপাচত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এখন গৰু ভৰ্তি টাটা ম’বাইল বাহন জব্দ কৰে ৷ বাহনখনৰ পৰা 13 টাকৈ গো-ধন উদ্ধাৰ ৷

Cattle Smuggling
ৰঙা ঘৰৰ আলহী হ’ল গৰু সৰবৰাহকাৰী

নগাঁও, 17 নৱেম্বৰ : বৰ্তমানৰ চৰকাৰ খনে প্ৰণয়ন কৰা গো-সুৰক্ষা আইনক ভেঙুচালি কৰি গৰুৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে চোৰাং ব্যৱসায়ীয়ে ৷ মংগলবাৰে নগাঁৱৰ বৰঘাট বাইপাচত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এখন গৰু ভৰ্তি টাটা ম’বাইল বাহন জব্দ কৰে ৷

AS 09 AC 5863 নম্বৰৰ বাহনখনৰ পৰা 13 টাকৈ গো-ধন উদ্ধাৰ কৰাৰ লগতে চালক ছাইদুল ইচলামকো আটক কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, গৰু ভৰ্তি বাহনখন হোজাইৰ পৰা জাগীৰোড অভিমুখে গৈ আছিল ৷ চালকজনক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

বৰঘাট বাইপাচত জব্দ 13 টা গৰুসহ টাটা ম’বাইল

চৰকাৰ আৰু আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাৰ পিছতো কিদৰে এইসকল চোৰাং ব্যৱসায়ীয়ে গৰুৰ অবৈধ সৰবৰাহ চলাই নিছে তাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷ কেৱল নগাঁৱতেই নহয়, ৰাজ্যৰ বহু স্থানত অব্যাহত আছে গৰুৰ এই চোৰাং কাৰোবাৰ ৷

ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাচতে সাপ্তাহিক হাট বজাৰ সমূহ যিহেতু খুলি দিয়া হৈছে তাৰেই সূবৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ চোৰাং গৰু ব্যৱসায়ীয়ে ৷ ৰাজ্যৰ বিভিন্ন সাপ্তাহিক গৰু বজাৰলৈ গৰু বিক্ৰী কৰিবলৈ অনাৰ অচিলা লৈ এইদৰে চোৰাং সৰবৰাহ চলাই যোৱা বুলিও বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

গৰু সৰবৰাহকাৰী ছাইদুল ইচলাম

তাৰোপৰি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেৰে বহিঃৰাজ্যলৈ তথা বহিঃৰাজ্যৰ পৰাও গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ কথা পোহৰলৈ আহিছে ৷ আৰক্ষী প্ৰশাসন কঠোৰ হোৱাৰ পাচতো এইদৰে বিভিন্ন সুৰুঙা উলিয়াই গৰুৰ ব্যৱসায় চলাই গৈছে একাংশই ৷

লগতে চাওক : সুৰাপায়ী আৰক্ষীয়ে কৰিলে উদ্ভণ্ডালি: চিনাকি দি ক’লে মই IPS

ABOUT THE AUTHOR

...view details