অসম

assam

চোৰ আৰু চুৰি সাগ্ৰীৰে ভৰি পৰিল মৈৰাবাৰী থানা

By

Published : Sep 29, 2020, 9:18 AM IST

মৈৰাবাৰী আৰক্ষীৰ জালত ছয় দুধৰ্ষ চোৰ ৷ মৈৰাবাৰী উন্নয়ন খণ্ডত সংঘটিত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ সৈতে জড়িত আছিল এই চোৰ ৷ একেটা চুৰি কাণ্ডৰ সৈতে জড়িত পূৰ্বতে আটক হোৱা চাৰি চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ব কৰে উক্ত চোৰ কেইটাক ৷ চৰ উন্নয়ন পুঁজিৰে হিতাধিকাৰীক বিতৰণৰ বাবে থোৱা চলাৰ প্লে’ট, চ'লাৰ বেটেৰী আৰু চিলাই মেচিন চোৰ কৰিছিল ধৃত চোৰকেইটাই ৷

মৈৰাবাৰী আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ ছয় চোৰ
মৈৰাবাৰী আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ ছয় চোৰ

মৰিগাঁও, 29 চেপ্তেম্বৰ: মৰিগাঁৱৰ মৈৰাবাৰী উন্নয়ন খণ্ডত সংঘটিত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ সৈতে জড়িত ছয় দুধৰ্ষ চোৰ আটক ৷ মৈৰাবাৰী থানাৰ উপ পৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত চোৰ ছটা কৰায়ত্ব কৰাত সক্ষম হয় মৈৰাবাৰী আৰক্ষী ৷ 22 চেপ্তেম্বৰৰ নিশা চোৰৰ এটা দলে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ষ্ট'ৰ ৰূমৰ লুটি লৈ গৈছিল চৰ উন্নয়ন পুঁজিৰে হিতাধিকাৰীক বিতৰণৰ বাবে থোৱা 85 খন চ' লাৰ প্লে’ট, চলাৰ বেটেৰীৰ লগতে 67 টা চিলাই মেচিন ৷ ঘটনাৰ পাচদিনাই মৈৰাবাৰী আৰক্ষীয়ে চুৰি কাণ্ডৰ সৈতে জড়িত চাৰিটা চোৰত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে ধৃত চোৰ কেইটাৰ পৰা 18 টা বেটেৰী, 19 খন চ'লাৰ প্লেট আৰু 16 টা চিলাই মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

চৰ উন্নয়ন পুঁজিৰে হিতাধিকাৰীক বিতৰণৰ বাবে থোৱা চুৰি সামগ্ৰী খিনি

ধৃত চাৰি চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে এই চুৰি কাণ্ডৰ সৈতে জড়িত আন ছটা চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ধৃত ছয় চোৰৰ পৰা আৰক্ষীয়ে পুনৰ 13 টা চিলাই মেচিন আৰু 38 খন চ'লাৰ প্লেট উদ্ধাৰ কৰে ৷ ধৃত চোৰ কেইটাৰ নাম ক্ৰমে মোবাৰক আলী, ইক্ৰামুল হক, ফাইজুল ইছলাম, ছাদিকুল ইছলাম, নাজিৰ উদ্দিন, আৰু জাহাংগীৰ আলম ৷ আটাইকেইটা চোৰেই নগাঁও জিলাৰ ধিং থানা এলেকাৰ বুলি জানিব পৰা গৈছে ৷

অৱশ্যে চোৰ কেইটাক কৰায়ত্ব কৰাত আৰক্ষী সক্ষম হৈছে যদিও চৰ উন্নয়ন পুঁজিৰ সামগ্ৰীসমূহ হিতাধিকাৰীক বিতৰণ নকৰাকৈ ষ্টৰ ৰুমত এনেকৈ পেলাই থোৱাত ৰাইজৰ মাজত সন্দেহৰ উদ্বেগ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details