অসম

assam

77th Independence Day:মৰিগাঁৱত স্বাধীনতা আন্দোলনৰ বীৰ বীৰাংগণাক স্মৰণ

By

Published : Aug 14, 2023, 3:36 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা প্ৰশাসন, পৌৰসভাৰ উদ্যোগত শ্বহীদ নমন কাৰ্যসূচী ৰূপায়নৰে অমৃত মহোৎসৱ উদযাপন কৰা হয় ।

Preparation of Independence Day in Marigaon
মেৰি মাটি,মেৰা দেশ

মেৰি মাটি,মেৰা দেশ

মৰিগাঁও, ১৪ আগষ্ট:মঙলবাৰে দেশবাসীয়ে পালন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ এই স্বাধীনতা দিৱস উপলক্ষে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় মৰিগাঁও জিলা । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই বেলি অনুষ্ঠিত হৈছে ৭৭ সংখ্যক তিনিদিনীয়া স্বাধীনতাৰ অমৃত মহোৎসৱ । ইয়াৰ সৈতে সংগতি ৰাখি সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰীক অনুষ্ঠিত হয় "মেৰী মাটি,মেৰা দেশ" শীৰ্ষক কাৰ্যসূচী ।

এই "মেৰি মাটি,মেৰা দেশ" শীৰ্ষক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেবাশীষ শৰ্মা, মৰিগাঁও পৌৰপতি যোগেশ তামুলী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত আৰু পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকল । সোমবাৰে পুৱা অনুষ্ঠিত এই বিশেষ কাৰ্যসূচী সন্দৰ্ভত জিলা আয়ুক্ত দেবাশীষ শৰ্মা আৰু মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে দেশৰ বিভিন্ন মৰিগাঁও জিলা প্ৰশাসন,মৰিগাঁও পৌৰসভাৰ উদ্যোগত দেশৰ স্বাধীনতা আন্দোলনত যি সকল বীৰ বীৰাংগণাই প্ৰাণ আহুতি দিছে সেইসকল বীৰ বীৰাংগণাক শ্ৰদ্ধা জনোৱাৰ বাবে এনেদৰে বীৰ বীৰাংগণাৰ শ্ৰদ্ধাৰ ফলক উন্মোচনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

লগতে পঢ়ক:77th independence day: ১৫ আগষ্টৰ কাৰ্যসূচীত হিলদল ভাঙি অংশগ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ

এই স্বাধীনতাৰ অমৃত মহোৎসৱত মৰিগাঁও জিলাৰ দুহাজাৰৰ অধিক ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট নাগৰিক সকল তথা মৰিগাঁওবাসীয়ে স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰি স্বদেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বাবে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে । একেদৰে মৰিগাঁও পৌৰপতি যোগেশ তামুলীৰে মন্তব্য কৰি মৰিগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনৰ উদ্যোগত ঘোষণা কৰা স্বচ্ছতা ৱাৰ্ড আৰু স্বচ্ছতা পদুলী পুৰস্কাৰ প্ৰদান কৰে বুলি মন্তব্য আগবঢ়াই ।

লগতে পঢ়ক:Enclosed the Patient in Barhampur: ভক্তিহীন ব’ল বম ভক্ত; এম্বুলেঞ্চত আৱদ্ধ ৰোগীক সহায় কৰিবলৈও নুকুলালে মনে

ABOUT THE AUTHOR

...view details