অসম

assam

Arunodaya card distribution : মৰিগাঁৱত অৰুণোদই ২.০ ৰ শুভ উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:47 PM IST

মৰিগাঁও জিলাত অৰুণোদয় আঁচনিত সৰ্বমুঠ ৭৬ হাজাৰটা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক অৰ্ন্তভুক্ত কৰা হৈছে । বুধবাৰে মৰিগাঁও স্কুল খেলপথাৰত অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদই ২.০ ৰ মুকলি কৰি মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই এইদৰে মন্তব্য আগবঢ়ায় ।

Minister Keshab Mahanta
মন্ত্ৰী কেশৱ মহন্ত

মন্ত্ৰী কেশৱ মহন্ত

মৰিগাঁও, ১১ অক্টোবৰ:মৰিগাঁও জিলাত অৰুণোদই ২.০ আঁচনিৰ মুঠ ৭৬ হাজাৰটা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক অৰ্ন্তভূক্ত কৰা হৈছে । আজি বিশ হাজাৰৰ অধিক লোকক এই আঁচনিৰ অৰ্ন্তভূক্ত কৰা হৈছে । এই আঁচনি ইমানতেই শেষ হোৱা নাই । তৃতীয় পৰ্যায়ৰ বাবে দিহা কৰা হৈছে বুলি মন্তব্য় কৰিছে মন্ত্ৰী কেশৱ মহন্তই । বুধবাৰে মৰিগাঁও স্কুল খেলপথাৰত অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদই ২.০ ৰ শুভ উদ্ধোধন কৰি মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

মন্ত্ৰী কেশৱ মহন্তই ডেংগু, জে ই সন্দৰ্ভত কয় যে যি সমূহ অঞ্চলত এই ৰোগৰ প্ৰৰ্দুভাৱ সেই অঞ্চল সমূহত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ল'ব লগা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । একেদৰে মন্ত্ৰী কেশৱ মহন্তই শাসকীয় বিজেপি চৰকাৰৰ সৈতে মিত্ৰতা প্ৰসংগ উত্থাপন কৰি আগন্তুক নিৰ্বাচনৰ পিচতে দলৰ মজিয়াত আসন সন্দৰ্ভত এক সন্মানজনক আলোচনা কৰিব বুলি মন্তব্য আগবঢ়ায় ।

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ অভিলাষী আৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায় মৰিগাঁও জিলাৰ বাবে বুধবাৰে মৰিগাঁও জিলাৰ স্কুল খেলপথাৰত অনুষ্ঠিত এক বৃহৎ জনসভাৰ জড়িয়তে শুভ উদ্বোধন কৰে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্বাস্থ্য,পৰিয়াল কল্যাণ আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ ভৈয়াম জনজাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা পৰিষদৰ সভানেত্ৰী ইচমাআৰা বেগম, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীৰ লগতে জিলা প্ৰশাসনৰ বহুকেইজন জ্যেষ্ঠ বিষয়া আৰু কেইবাগৰাকী স্থানীয় জন প্ৰতিনিধি,সাজসেৱকে ।

অৰুনোদই ২.০ৰ আঁচনিত মৰিগাঁও জিলাৰ সৰ্বমুঠ ২০ হাজাৰতকৈ অধিক হিতাধিকাৰীয়ে সুবিধা লাভ কৰাৰ বিপৰীতে আজিৰ সভাতে কেইবাগৰাকী মহিলাক আনুষ্ঠানিক ভাৱে কাৰ্ড প্ৰদান কৰা হয় । আনহাতে,মন্ত্ৰী কেশৱ মহন্তই বৰ্তমান বাদ পৰি ৰোৱা যোগ্য হিতাধিকাৰী সকলক পুনৰ তৃতীয় পৰ্যায়ৰ জড়িয়তে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি প্ৰকাশ কৰাৰ লগতে প্ৰতি মাহৰ ১০ তাৰিখে অৰুনোদই হিতাধিকাৰীয়ে বেংক একাউন্টত ১২৫০ টকাকৈ লাভ কৰিব বুলি কয় ।

লগতে পঢ়ক:Dhemaji news:শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষাখণ্ডত শিক্ষকবিহীনভাৱে চলি আছে এখন বিদ্যালয়

ABOUT THE AUTHOR

...view details