অসম

assam

জাগীৰোডত DID Little Master আধ্যায়শ্ৰী উপাধ্যায়ক বিপুল আদৰণি

By

Published : Jun 29, 2022, 7:18 PM IST

DID Little Master

মৰিগাঁও আমলিঘাটত হঠাৎ উপস্থিত হ’ল এজনী মৰমলগা কণমানি ৷ কণমানিজনীক লৈ সকলোৰে আনন্দৰ সীমা নাই ৷ কোনোবাই যদি একোলা লৈ মৰম কৰিছে, আন কোনোবাই আকৌ কণমানিজনীৰ সৈতে চেল্ফি উঠাত ব্যস্ত ৷ পিছে কোন এই কণমানিজনী ?

মৰিগাঁও, 29 জুন :মৰিগাঁৱৰ আমলিঘাটত এজনী মৰমলগা কণমানিক লৈ সকলোৰে মাজত অপাৰ আনন্দ ৷ ইজনৰ পিছত সিজনৰ কোলাত কণমানিজনী ৷ সকলোৱে মৰমেৰে উপচাই পেলাইছে মৰমলগা কণমানিজনীক ৷

জাগীৰোডত DID Little Master আধ্যায়শ্ৰী উপাধ্যায়ক বিপুল আদৰণি

চৰ্চালৈ অহা কণমানিজনী হৈছে DID Little Master ৰ দ্বিতীয় স্থান (Adhyashree become runner up of DID Little Master Season 5) দখল কৰা ধেমাজিৰ আধ্যায়শ্ৰী উপাধ্যায় ৷ শেহতীয়াকৈ ZeeTV য়ে আয়োজন কৰা Danced Indian Dance Little Masters Season 5 ত অপূৰ্ব নৃত্য শৈলীৰে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আধ্যায়শ্ৰীয়ে ৷ মঙলবাৰে নিশা পিতৃ-মাতৃ আৰু শুভাকাংক্ষীৰ সৈতে জাগীৰোডত আহি উপস্থিত হয় লিটিল মাষ্টাৰগৰাকী ৷

অপূৰ্ব নৃত্য শৈলীৰে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আধ্যায়শ্ৰীয়ে

যাৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোডত আধ্যায়শ্ৰীৰ লগতে পিতৃ-মাতৃকো উষ্ম আদৰণি জনাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ লগতে বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক :ভৱিষ্যতে নৃত্য নিৰ্দেশক হোৱাৰ সপোন নৱজিৎ নাৰ্জাৰীৰ

ABOUT THE AUTHOR

...view details