ভৱিষ্যতে নৃত্য নিৰ্দেশক হোৱাৰ সপোন নৱজিৎ নাৰ্জাৰীৰ

author img

By

Published : Jun 28, 2022, 9:13 PM IST

DID Little Master Nobojit Narzary arrived in Baksa

মুম্বাইৰ পৰা বাক্সাত উপস্থিত হ’ল DID Little Master চেম্পিয়ন নৱজিৎ নাৰ্জাৰী (DID Little Master Nobojit Narzary arrived in Baksa) ৷ যাৰ বাবে বহু দল-সংগঠনৰ সহযোগত বৰমাত ডান্সৰ চেম্পিয়ন নৱজিৎ নাৰ্জাৰীক বিপুল আদৰণি জনোৱা হয় ৷

বাক্সা, ২৮ জুন : স্ব-ভূমিত উপস্থিত হ’ল DID Little Master নৱজিৎ নাৰ্জাৰী ৷ মায়ানগৰী মুম্বাইৰ পৰা মঙলবাৰে বাক্সা জিলাৰ বৰমাত উপস্থিত হয় DID Little Master চেম্পিয়ন নৱজিৎ নাৰ্জাৰী । যাৰ বাবে বৰমাত বাক্সা জিলা এবছু, ইউপিপিএল দলৰ লগতে বৰমাৰ বিভিন্ন দল-সংগঠনে বিপুল আদৰণি জনাই ডান্সৰ চেম্পিয়ন ন বছৰীয়া নৱজিৎ নাৰ্জাৰীক ৷

ভৱিষ্যতে নৃত্য প্ৰয়োজক হোৱাৰ সপোন নৱজিৎ নাৰ্জাৰীৰ

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই খুবেই সুখী অনুভৱ কৰিছে বুলি মন্তব্য কৰে নৱজিৎ নাৰ্জাৰীয়ে ৷ লগতে অসমবাসীকো ধন্যবাদ দিয়ে লিটিল মাষ্টাৰগৰাকীয়ে ৷ আনকি ভৱিষ্যতে এগৰাকী সুদক্ষ নৃত্য নিৰ্দেশক হোৱাৰ সপোন পুহি ৰাখিছে লিটিল মাষ্টাৰ নৱজিৎ নাৰ্জাৰীয়ে ৷

DID Little Master Nobojit Narzary arrived in Baksa
ডান্সৰ চেম্পিয়ন নৱজিৎ নাৰ্জাৰী

আনহাতে, উক্ত অনুষ্ঠানত 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টি পাৰিষদ মন্টু বড়োৱে উপস্থিত থাকি লিটিল মাষ্টাৰ নৱজিৎ নাৰ্জাৰীক শুভেচ্ছা জনোৱাৰ লগতে এনে ধৰণৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় ৷ DID Little Master চেম্পিয়নত (2022) নৱজিৎ নাৰ্জাৰীয়ে প্ৰথম স্থান আধিকাৰ কৰি সমগ্ৰ অসমৰ বাবে সুনাম কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে মন্টু বড়োৱে ৷

লগতে পঢ়ক : ভোজপুৰী ছবিজগতত খলকনি লগোৱা চুবুৰীয়া দেশৰ এগৰাকী অভিনেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.