অসম

assam

Rama Kanta Dewri eviction controversy: ৰমাকান্ত দেউৰীৰ পক্ষত থিয় দিছে তিৱা সংগঠন

By

Published : Nov 26, 2022, 7:10 PM IST

Rama Kanta Dewri eviction controversy

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিয়া গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বন বিষয়া কৰ্মচাৰী সন্থাক আহ্বান জনাইছে তিৱা সংগঠনসমূহে (Call for withdrawal of case against Marigaon MLA)। উচ্ছেদ সন্দৰ্ভত উচটনিমূলক মন্তব্য কৰিছিল ৰমাকান্ত দেউৰীয়ে ৷ যাৰ বাবে বন বিষয়া কৰ্মচাৰী সন্থাই বিধায়কৰ বিৰুদ্ধে এজাহাৰ দিছিল ।

মৰিগাঁও,২৬ নৱেম্বৰ :এইবাৰ বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীৰ পক্ষত থিয় দিছে কেইবাটাও তিৱা জাতীয় সংগঠন (Tiwa organization supports Rama Kanta Dewri) ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল'বলৈ আহ্বান তিৱা জাতীয় সংগঠনসমূহৰ ৷ বন বিষয়া কৰ্মচাৰী সন্থাক এই আহ্বান জনাইছে তিৱা জনগোষ্ঠীয় সংগঠনসমূহে ৷ জাতীয় আৱেগৰ বশৱৰ্তী হৈ নক'বলগীয়া কিছু শব্দ নিজৰ ভাষণত ব্যৱহাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই শব্দকেইটা উঠাই লৈছে বিধায়ক ৰমাকান্ত দেউৰীয়ে (Rama Kanta Dewri eviction controversy) ৷

ৰমাকান্ত দেউৰীৰ পক্ষত থিয় দিছে তিৱা সংগঠন

সেয়ে দিছপুৰ আৰক্ষী থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল'বলৈ বন বিষয়া কৰ্মচাৰী সন্থাক আহ্বান জনাইছে তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰে ৷

উল্লেখ্য যে, বিগত ১৮ নবেম্বৰত মৰিগাঁৱৰ গড়মাৰীত অনুষ্ঠিত হৈছিল তিৱা যুৱ ছাত্ৰ পৰিষদৰ ১৯ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ য'ত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ৷ নিজৰ ভাষণত কিছু উচটনিমূলক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে (Provocative remarks of Rama Kanta Dewri)৷ যুগ যুগ ধৰি ভূমিপুত্ৰ তিৱাসকলে অধিগ্ৰহণ কৰি থকা বন বিভাগৰ ভূমিত বন বিভাগে উচ্ছেদ কৰিবলৈ আহিলে দা, যাঠি-জোং লৈ বনকৰ্মীক খেদিবলৈ উচটনিমূলক মন্তব্য কৰিছিল ৰমাকান্ত দেউৰীয়ে ৷

যাৰ বাবে পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ ভাষণক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল । আনকি বন বিষয়া কৰ্মচাৰী সন্থাই বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ (FIR against Rama Kanta Dewri) ৷ শনিবাৰে জাগীৰোডস্থিত সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংবাদমেল যোগে বিশেষ আহ্বান জনাই তিৱা সংগঠনসমূহে । অৱশ্যে তিৱা জাতীয় সংগঠন তথা ছাত্ৰ সংগঠনসমূহৰ এই আহ্বানক বন বিষয়া কৰ্মচাৰী সন্থাই কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :Rama Kanta Dewri eviction controversy : বন বিভাগৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য ৰমাকান্ত দেউৰীৰ

ABOUT THE AUTHOR

...view details