অসম

assam

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতো অফলামুখ পাৰঘাটত নচলিল জাহাজ

By

Published : Sep 10, 2021, 5:34 PM IST

not a single ship seen plying at afolamukh parghat
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতো অফলামুখ পাৰঘাটত নচলিল জাহাজ ()

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি বন্ধ হ'ল ব্ৰহ্মপুত্ৰৰ বুকুৰে একক ইঞ্জিনচালিত নাও ৷ একক ইঞ্জিনচালিত বন্ধ হোৱাৰ পাচতে এতিয়া যাত্ৰীৰ চলাচলৰ বাবে অফলামুখ পাৰঘাটত নাই এখনো নাও ৷ বুধবাৰৰ শোকাৱহ ঘটনাৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একক ইঞ্জিনচালিত নাও চলাচল বন্ধ কৰাৰ নিৰ্দেশ দি মাজুলী আৰু যোৰহাট সংযোগী জাহাজ চলাচলৰ আশ্বাস দিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতো অফলামুখ পাৰঘাটত নচলিল জাহাজ ৷

মাজুলী , 10 ছেপ্তেম্বৰ : ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মৰ্মে একক ইঞ্জিনচালিত নাও চলাচল বন্ধ হ'ল যদিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে নচলিল জাহাজ বা মাৰ নাও ৷ বুধবাৰে বিয়লি সংঘটিত ঘটনাৰ পাচতে মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মাজুলী আৰু যোৰহাট সংযোগী জাহাজ চলাচলৰ আশ্বাস দিছিল ৷

একক ইঞ্জিনচালিত নাও চলাচল বন্ধ কৰাৰ নিৰ্দেশ দি মাজুলী আৰু যোৰহাট সংযোগী জাহাজ চলাচলৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মাজুলী আৰু যোৰহাট সংযোগী জাহাজৰ চলাচল হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছিল ৷ সেই অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাচতে একক ইঞ্জিনচালিত নাও চলাচল বন্ধ হ'ল ঠিকেই, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাসক মিছা প্ৰমাণিত কৰি শুকুৰবাৰে অফলামুখ পাৰঘাটত এখনো জাহাজ বা মাৰ নাওৰ চলাচল দেখিবলৈ পোৱা নগ'ল ৷

স্থানীয়ে লোকৰ অভিযোগ অনুসৰি অফলামুখ পাৰঘাটত যিখন মাৰ নাৱত উঠি যাত্ৰীয়ে নিশ্চিতভাৱে যাত্ৰা কৰিব পাৰিছিল, সেইখন প্ৰায় তিনিমাহ পূৰ্বে বিকল হৈছিল ৷ কিন্তু, আজি পৰ্যন্ত সেইখন ভাল কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচত মাজুলী-যোৰহাট সংযোগী কমলাবাৰী ঘাটেৰে মাত্ৰ এখনহে ফেৰী চলা দেখিবলৈ পোৱা গ'ল ৷

লগতে পঢ়ক :বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

উল্লেখ্য যে, বুধবাৰৰ ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শুকুৰবাৰে মাজুলীবাসীৰ কাষত উপস্থিত হয় ৷ মাজুলীত উপস্থিত হৈ ভৱিষ্যতে এনেধৰণৰ ঘটনা প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সোণোৱালে মন্তব্য কৰে ৷ অফলামুখ আৰু কমলাবাৰী পাৰঘাটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক :নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

ABOUT THE AUTHOR

...view details