অসম

assam

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

By

Published : May 29, 2022, 2:16 PM IST

Updated : May 29, 2022, 2:29 PM IST

দেওবাৰে মাজুলীৰ কমলাবাৰীঘাটত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী (Governor Jagdish Mukhi in Majuli)। বিশেষ ফেৰীৰে নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰীঘাটত উপস্থিত হয় পত্নীসহ ৰাজ্যপালগৰাকী । মাজুলীৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যপালে ।

Majuli
দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

মাজুলী,২৯ মে' :দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী (Governor Jagdish Mukhi arrives in Majuli)। পত্নীসহ ৰাজ্যপালগৰাকীয়ে MV INDRA নামৰ বিশেষ ফেৰীখনেৰে নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰীঘাটত উপস্থিত হয় । কমলাবাৰীঘাটত মাজুলীৰ বিধায়ক ভুবন গামে আদৰণি জনায় ৰাজ্যপালগৰাকীক (MLA Bhuban Gam welcomed governor of Assam)।

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

কমলাবাৰীঘাটৰ পৰা পোনে পোনে মাজুলীৰ গড়মূৰ আৱৰ্ত ভৱনলৈ যায় ৰাজ্যপালগৰাকী । জানিব পৰা মতে তাত দুপৰীয়া অহাৰ গ্ৰহণ কৰি ৩ বজাত চামগুৰি সত্ৰ আৰু বিয়লি ৪ বজাত দক্ষিণপাট সত্ৰত উপস্থিত হ'ব ৰাজ্যপালগৰাকী । মাজুলীত বিভিন্ন কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক :কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ আই আই টি গুৱাহাটী পৰিদৰ্শন

Last Updated : May 29, 2022, 2:29 PM IST

ABOUT THE AUTHOR

...view details