ETV Bharat / state

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ আই আই টি গুৱাহাটী পৰিদৰ্শন

author img

By

Published : May 28, 2022, 10:38 PM IST

শনিবাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (External affairs minister visits IIT Guwahati) আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গুৱাহাটীস্থিত আই আই টিত উপস্থিত হৈ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ  আই আই টি গুৱাহাটী পৰিদৰ্শন
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ আই আই টি গুৱাহাটী পৰিদৰ্শন

গুৱাহাটী, 28 মে’: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (External affairs minister visits IIT Guwahati) আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটীত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে । মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, গুৱাহাটী আই আই টিয়ে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে ।

দেশত গুৱাহাটী আই আই টিৰ এক বিশেষ স্থান আছে । তেওঁ কয় যে, ভাল অভিযন্তা হ’বলৈ এক অভিযান্ত্ৰিক চেতনা লাগিব । অভিযন্তাসকলৰ কাম সমস্যা সমাধান কৰা । গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰী গৱষেকসকলে দেশৰ আৰু সমাজৰ সেৱাৰ বাবে আত্মনিয়োগ কৰিব লাগিব বুলিও তেওঁ কয় ।

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ  আই আই টি গুৱাহাটী পৰিদৰ্শন
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ আই আই টি গুৱাহাটী পৰিদৰ্শন

মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতিক অধিক গতিশীল কৰাৰ দিশত আই আই টি গুৱাহাটীয়ে ল'ব পৰা ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, আই আই টি গুৱাহাটীয়ে এই দিশত বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে দক্ষিণ-পূৱ এছিয়াৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ অর্থনৈতিক সহযোগিতা অধিক তুনান্বিত হৈ পৰিব ।

ৰাষ্ট্ৰ নিৰ্মাণত আই আই টিৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা, জল সংকট ইত্যাদিৰ দিশত অধ্যয়ন কৰাৰ উপৰি এক সুৰক্ষিত চাইবাৰ অঞ্চল হিচাপে গঢ়ি তোলাৰ দিশতো ইয়াৰ বিশেষজ্ঞসকলক ব্যৱহাৰ কৰি কাম কৰাৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক : গুৱাহাটীৰ ৱাৰ্ডে-ৱাৰ্ডে হ'ব চৰকাৰী চিকিৎসালয়: মন্ত্রী কেশৱ মহন্ত

অর্থনৈতিক উত্তৰণৰ দিশত ষ্টাৰ্ট আপ ভেঞ্চাৰৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ বাবে ষ্টাৰ্ট আপ নীতিৰ আৰ্হি প্ৰস্তুতৰ বাবে আই আই টি গুৱাহাটীৰ প্ৰশাসনক আহ্বান জনায় ৷ যাতে উদ্যোগীকৰণ আৰু অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে ইয়াৰ সম্ভাৱনাসমূহক সম্পূর্ণভাৱে প্ৰয়োগ কৰিব পাৰে ।

মুখ্যমন্ত্ৰীয়ে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীসকলক এই অগ্ৰণী প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱাৰ পিছত ঢাকনি বিচৰাতকৈ ঢাকনি সৃষ্টিকাৰী ষ্টাৰ্ট আপ খণ্ডত নিয়োজিত হ’বলৈও আহ্বান জনায় । অসম ভ্ৰমণলৈ অহা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি এজনৰ পিছত এজন জ্যেষ্ঠ মন্ত্ৰী যোৱা এমাহত অসম ভ্ৰমণ কৰাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ তথা উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যে সৰ্বাধিক গুৰুত্ব আছে, সেই কথাকে প্ৰতীয়মান কৰিছে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আই আই টি গুৱাহাটীৰ চৌহদত আয়োজিত এখন প্ৰদর্শনী পৰিদৰ্শন কৰে । উল্লেখ্য যে, এই প্ৰদর্শনীত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ বিভিন্ন শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে ডিজাইন তথা প্ৰস্তুত কৰা বিভিন্ন উদ্ভাৱনীমূলক সামগ্ৰী প্ৰদর্শন কৰে ।

লগতে পঢ়ক : চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.