ETV Bharat / state

গুৱাহাটীৰ ৱাৰ্ডে-ৱাৰ্ডে হ'ব চৰকাৰী চিকিৎসালয়: মন্ত্রী কেশৱ মহন্ত

author img

By

Published : May 28, 2022, 9:03 PM IST

Govt hospital in GMC ward
গুৱাহাটীৰ ৱাৰ্ডে-ৱাৰ্ডে হ'ব চৰকাৰী চিকিৎসালয় : মন্ত্রী কেশৱ মহন্ত

জলবায়ু পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত নিগমৰ নৱনিৰ্বাচিত পাৰিষদসকলৰে বিশেষ সজাগতা আৰু পৰ্যালোচনা সভা । প্ৰতিটো ৱাৰ্ডৰ বাসিন্দালৈ পুৱা-গধুলি প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ উদ্যোগ ৰাজ্য চৰকাৰৰ (Govt hospital in GMC ward) । জুনত ৱাৰ্ডে-ৱাৰ্ডে চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাঠনিৰ জৰীপ চলাব স্বাস্থ্য বিভাগে । নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোপনৰ বাবে পাৰিষদ সকললৈ আহ্বান ।

গুৱাহাটী, ২৮ মে': গুৱাহাটী পৌৰ নিগমে জলবায়ু পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত নিগমৰ নৱনিৰ্বাচিত পাৰিষদসকলক লৈ শনিবাৰে এখন বিশেষ সজাগতা আৰু পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাত অংশগ্ৰহণ কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta)।

মহানগৰীৰ উজানবজাৰস্থিত পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত নিগমৰ নৱনিৰ্বাচিত পৌৰপতি মৃগেন শৰণীয়া, উপ পৌৰপতি স্মিতা ৰয়, অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গিয়াৰী, যুটীয়া আয়ুক্ত পংকজ চক্ৰবৰ্তী, কামৰূপ (মহানগৰ) জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস, কামৰূপ জিলাৰ মাণ্ডলিক বন বিষয়া (সামাজিক বনানিকৰণ) বিনোদ কুমাৰ পায়েং, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ (এছটেক)ৰ প্ৰকল্প সমন্বয়ক ড৹ প্ৰাঞ্জল বেজবৰুৱাই অংশগ্ৰহণ কৰে ।

সভাত গুৱাহাটী মহানগৰীখনক ক্ৰমবৰ্ধমান প্ৰদূষণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ লগতে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এতিয়াৰে পৰাই প্ৰতিটো ৱাৰ্ড এলেকাতে সুপৰিকল্পিতভাৱে সেউজ আৱৰণ বৃদ্ধিৰ লগতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।

বিশেষকৈ প্ৰতিগৰাকী পাৰিষদৰ নেতৃত্বত এতিয়াৰে পৰাই নিজ ৱাৰ্ডৰ ৰাজহুৱা স্থান, পথৰ দাঁতি আদিত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, কাঞ্চন আদি সৌন্দৰ্যবৰ্ধক গছপুলি ৰোপণেৰে সমগ্ৰ মহানগৰখনক আগন্তুক ৩-৪ বছৰৰ ভিতৰতে সেউজ আৱৰণেৰে সুশোভিত কৰি তোলাত আগভাগ ল'বলৈ সভাত নৱনিৰ্বাচিত পাৰিষদসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । ইফালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সভাত পৌৰ নিগমৰ পাৰিষদসকলক সদৰি কৰে যে মহানগৰবাসীৰ বাবে নিজ ৱাৰ্ড এলেকাতে পুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰাথমিক চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আগ্ৰহত স্বাস্থ্য বিভাগে ইতিমধ্যে এক পৰিকল্পনা হাতত লৈছে ।

ইয়াৰ বাবে জুনৰ প্ৰথম ভাগতে স্বাস্থ্য বিভাগৰ ছগৰাকী বিষয়াক নিয়োজিত কৰি প্ৰতিটো ৱাৰ্ডতে থকা চৰকাৰী চিকিৎসা আন্তঃগাঠনিৰ এক বিতং জৰীপ চলোৱা হ'ব (Govt hospital in GMC ward)। স্বাস্থ্য বিভাগৰ এই ছগৰাকী বিষয়াৰ প্ৰত্যেকেই নিগমৰ দহটাকৈ ৱাৰ্ডত স্থানীয় নৱনিৰ্বাচিত পাৰিষদগৰাকীৰ সহযোগত জৰীপ চলাই প্ৰতিটো ৱাৰ্ডত থকা প্ৰাথমিক তথা দ্বিতীয় স্তৰৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয়ৰ সংখ্যা, চিকিৎসালয়গৃহৰ অৱস্থা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ অনুমোদিত পদৰ সংখ্যা, খালী থকা পদৰ সংখ্যা, কি কি সা-সুবিধা তথা চিকিৎসা যন্ত্ৰ-পাতি চিকিৎসালয়ত উপলব্ধ হৈ আছে, সেই বিষয়ত বিতং তথ্য গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিব বুলিও মন্ত্ৰী মহন্তই উল্লেখ কৰে ।

তেওঁ লগতে কয় যে জৰীপৰ অন্তত বিষয়াকেইগৰাকীয়ে দিয়া প্ৰতিবেদন চালি-জাৰি চাই প্ৰতিটো ৱাৰ্ডতে পুৱাৰে পৰা সন্ধিয়ালৈকে দৈনিক দুটা শ্বিফ্টত প্ৰাথমিক চিকিৎসা সেৱা ৱাৰ্ডবাসীৰ বাবে উপলব্ধ হোৱাকৈ প্ৰয়োজনীয় সা-সুবিধা, চিকিৎক-স্বাস্থ্যকৰ্মী আৰু যন্ত্ৰ-পাতিৰে ন্যূনতম এখনকৈ হ'লেও চৰকাৰী চিকিৎসালয় সম্পূৰ্ণ সাজু কৰি তোলাৰ বিষয়ে চিন্তা কৰা হৈছে । তদুপৰি আগন্তুক দিনত ৱাৰ্ডসমূহত থকা প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয় পৰিচালনা সমিতিক নেতৃত্ব প্ৰদানৰ দায়িত্ব নিগমৰ পাৰিষদসকলৰ হাতত তুলি দিয়াৰ বিষয়েও স্বাস্থ্য বিভাগে বিবেচনা কৰি থকা বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই সভাত সদৰি কৰে ।

লগতে পঢ়ক: উচ্ছেদ প্ৰসংগ: আঁৰত ‘কাঁ’ৰ গোন্ধ পাইছে প্ৰযোজকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.