ETV Bharat / state

উচ্ছেদ প্ৰসংগ: আঁৰত ‘কাঁ’ৰ গোন্ধ পাইছে প্ৰযোজকে

author img

By

Published : May 28, 2022, 8:06 PM IST

বহু প্ৰভাৱশালী মন্ত্ৰী-বিধায়ক, মুখ্যমন্ত্ৰীৰ বাসগৃহ, জনতা ভৱন, উচ্চতম ন্যায়ালয়ৰ গৃহৰ ওপৰত আৰ টি আই কৰিব প্ৰযোজক লুইত কুমাৰ বৰ্মনে (Producer Luit Kumar Barman)৷ শেহতীয়াকৈ প্ৰযোজকগৰাকীলৈ পৌৰ নিগমে এক জাননী প্ৰেৰণ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে লুইত কুমাৰ বৰ্মনে ৷

Producer Luit Kumar Barman
উচ্ছেদ প্ৰসংগ: আঁৰত ‘কাঁ’ৰ গোন্ধ পাইছে প্ৰযোজকে

গুৱাহাটী, ২৮ মে’: প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী পৌৰ নিগমৰ । গুৱাহাটীৰ বনফুল নগৰত অবৈধভাৱে চতুৰ্থ মহলা নিৰ্মাণ কৰাৰ অভিযোগ জি এম চিৰ । জি এম চিৰ জাননীক লৈ প্ৰযোজক লুইত কুমাৰ বৰ্মনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (GMC notice to Luit Kumar Barman)।

22 মে’ত কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত বুম্বা ৰাইডৰ(Boomba Ride) প্ৰযোজক লুইত কুমাৰ বৰ্মণৰ বিৰুদ্ধে হাতীগাঁৱৰ বনফুল নগৰত নীতিবহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৌৰ নিগমে ৷ এই সন্দৰ্ভত বৰ্মনলৈ পৌৰ নিগমে জাননী প্ৰেৰণ কৰে ৷ বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ সময়তে শনিবাৰে এই সম্পৰ্কত সংবাদ মেল সম্বোধন কৰে প্ৰযোজকগৰাকীয়ে (Producer Luit Kumar Barman)৷

উচ্ছেদ প্ৰসংগ: আঁৰত ‘কাঁ’ৰ গোন্ধ পাইছে প্ৰযোজকে

সংবাদমেলত তেওঁ কয়, গুৱাহাটী মহানগৰীত প্ৰায়সকলেই নীতিবহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰিছে ৷ যদি এনে সকলো গৃহ প্ৰশাসনে উচ্ছেদ কৰে তেন্তে লুইত কুমাৰ বৰ্মনে নিৰ্মাণ কৰা গৃহও উচ্ছেদ কৰিলে আপত্তি নাই বুলি তেওঁ মন্তব্য কৰে ৷ জনতা ভৱন আৰু উচ্চতম ন্যায়ালয়ো সম্পূৰ্ণ নিয়মমাফিকভাবে নিৰ্মাণ কৰা হোৱা নাই বুলি প্ৰযোজকগৰাকীয়ে বিস্ফোৰক মন্তব্য আগবঢ়ায় ।

আনহাতে মুখ্যমন্ত্ৰীৰ বাসগৃহ, মন্ত্ৰী-বিধায়কৰ বাসগৃহকে আদি কৰি বহু গৃহৰ নিৰ্মাণৰ বৈধতা সন্দৰ্ভতো লুইত কুমাৰ বৰ্মনে RTI কৰিব বুলিও জানিবলৈ দিয়ে । চৰকাৰক সমালোচনা কৰি অহাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে বুলি মন্তব্য কৰে প্ৰযোজকগৰাকীয়ে । কিছু বিশেষ ব্যক্তিয়ে চৰকাৰী খৰচত কাঁ চলচিত্ৰ মহোৎসৱলৈ যোৱাৰ বিৰোধীতা কৰাৰ বাবেও তেওক চৰকাৰী পক্ষই লক্ষ্য কৰি লোৱা বুলি সন্দেহ প্ৰকাশ কৰে প্ৰযোজকগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ পত্নী তথা অভিনেত্ৰীয়ে চৰকাৰী খৰচত কাঁ চলচিত্ৰ মহোৎসৱলৈ গৈ সামাজিক মাধ্যমত সমালোচিত হৈছে ৷ ইয়াৰোপৰি মন্ত্ৰী পত্নী তথা অভিনেত্ৰীগৰাকীয়ে কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত ফটো প’জ দিয়াৰ বিষয়ক লৈও বহুকেইটা মন্তব্য আগবঢ়াইছিল প্ৰযোজক লুইত কুমাৰ বৰ্মনে (Assamese actress on cannes red carpet)৷

লগতে পঢ়ক: চৰকাৰে চীনৰ পৰা কোনো পি পি ই কিট ক্ৰয় কৰা নাছিল: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.