অসম

assam

পুনৰ আনিছে দলং নিৰ্মাণৰ সামগ্ৰী; এইবাৰ দলঙখন হ’ব গৈ নে ?

By

Published : Sep 24, 2021, 10:22 PM IST

পুনৰ মাজুলীলৈ আহিল দলং নিৰ্মাণৰ সামগ্ৰী
পুনৰ মাজুলীলৈ আহিল দলং নিৰ্মাণৰ সামগ্ৰী ()

2016 চনতে আধাৰ শিলা, 2021ত ভূমি পূজন আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত আৰম্ভ হোৱা নাই দলংখনৰ কাম ৷ ভূমি পূজনৰ সময়তে দলংখন নিৰ্মাণৰ বাবে যন্ত্ৰ পাতি আনিছিল ইউপি ষ্টেট বিজ কৰপৰেচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৷ নিৰ্বাচনৰ পাছতে লৈ গৈছিল যন্ত্ৰপাতি সমূহ ৷

মাজুলী,24 ছেপ্তেম্বৰ : মাজুলীৰ হৈ নুঠা দলংখনে এতিয়া ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে ৷ বিশেষকৈ মাজুলীবাসীয়ে দলংখনক লৈ দীৰ্ঘ দিনৰ পৰা সংগ্ৰাম কৰি আহিছে ৷ উল্লেখযোগ্য যে, 2016 চনতে আধাৰ শিলা, 2021ত ভূমি পূজন আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত আৰম্ভ হোৱা নাই দলংখনৰ কাম ৷ ভূমি পূজনৰ সময়তে দলংখন নিৰ্মাণৰ বাবে যন্ত্ৰ পাতি আনিছিল ইউপি ষ্টেট বিজ কৰপৰেচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৷

পুনৰ মাজুলীলৈ আহিল দলং নিৰ্মাণৰ সামগ্ৰী

কিন্তু নিৰ্বাচন পাছতে যন্ত্ৰ পাতি সমূহ ঘূৰাই লৈ যোৱাৰ পাছতে মাজুলীবাাসীৰ মাজত পুনৰ উদ্বিগ্নতাই দেখা দিছিল ৷ ইপিনে 8 ছেপ্তেম্বৰত নিমাটি ঘাটত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাটোৰ পাছতে পুনৰ মাজুলীবাসী দলংখনক লৈ সৰব হৈ পৰা দেখা গৈছে ৷

তাৰ মাজতে বৃহস্পতিবাৰে ৩০ চিপি মিক্সাৰ কন্টেনাৰৰ পৰিৱৰ্তে ১০০ চিপি মিক্সাৰ কন্টেনাৰ এটা পুনৰ মাজুলীলৈ আনিছে নিৰ্মাণকাৰী সংস্থাই । এতিয়া সকলোৰে এটাই আশা সোনকালে আৰম্ভ হওক দলংৰ কাম ।

একেদৰে মাজুলী যোৰহাট সংযোগী দলং লৈ যাতে ৰাজনীতি নকৰি সকলোৱে সহযোগিতা কৰি নিৰ্দিষ্ট সময় শেষ কৰি মাজুলিবাসীয়ে ভুগি অহা যাতায়তী দুৰ্ভোগ নাইকীয়া কৰা আহ্বান জনাইছে সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীয়ে । তাৰ সমান্তৰালভাৱে বিভিন্ন দল সংগঠনেও অতি শীঘ্ৰে ৰাজনীতি বন্ধ কৰি দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰকল্পৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ এক লাখ কোটি টকাৰ অনুমোদন

ABOUT THE AUTHOR

...view details