তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰকল্পৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ এক লাখ কোটি টকাৰ অনুমোদন

author img

By

Published : Sep 24, 2021, 7:27 PM IST

1 lakh crore sanctioned to North East for oil and natural gas projects

উত্তৰ-পূৰ্বাঞ্চলত তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ সন্ধান কৰাৰ অৱকাশ আছে। ইতিমধ্যে এইক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ হ’ব । সংবাদমেলত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ ঘোষণা ।

গুৱাহ‍াটী,২৪ ছেপ্তেম্বৰ : অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১ লাখ কোটি টকাৰ তেল আৰু গেছৰ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে আৰু এয়া ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব । গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ।

উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ আৰু ইয়াত সম্ভাৱনীয়তাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী পুৰীয়ে কয় ‘‘উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ প্ৰাকৃতিক সম্পদসমূহেৰে সমৃদ্ধ । দেশৰ উন্নয়নৰ এজেণ্ডাত অঞ্চলটোৰ পৰা বিকাশৰ অপাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে । ভূ-বৈজ্ঞানিক তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ সন্ধান কৰাৰ অৱকাশ আছে । ইতিমধ্যে এইক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰা হৈছে’’ ৷

1 lakh crore sanctioned to North East for oil and natural gas projects
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰী

লগতে পঢ়ক : উচ্ছেদৰ নামত মমতাহীন প্ৰশাসন; লুণ্ঠিত হ'ল মানৱ অধিকাৰ

ভাৰতীয় কূটনৈতিক কৌশলত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি পুৰীয়ে কয়, ‘‘ভাৰত চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে । তাৰে ভিতৰত ১ লাখ কোটি টকাৰ তেল আৰু গেছৰ প্ৰকল্প, অ’ এ এল পিৰ অধীনত বিশেষ নিবিদা ৰাউণ্ড, অন্বেষণৰ ক্ষেত্ৰ দুগুণলৈ বৃদ্ধি, তেল আৰু গেছৰ উৎপাদন দুগুণলৈ বৃদ্ধিৰ পৰিকল্পনা, উত্তৰ-পূব গেছ গ্ৰীডৰ প্ৰণয়ন আদি প্ৰধান’’ ৷

অসমৰ ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ হ’ব বুলি পুৰীয়ে ঘোষণা কৰাৰ লগতে শোধনাগাৰ পৰ্যায়ত পেট্ৰ’লৰ সৈতে ইথানলৰ মিশ্ৰণৰ বিষয়টোও অন্বেষণ কৰা হ’ব বুলি তেওঁ কয় । তেওঁ তেল আৰু গেছ খণ্ডত বিনিয়োগকাৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণৰ বাবে আহ্বান জনায় । সাংবাদমেলত পেট্ৰ’লিয়াম ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীৰ উপৰি বিভাগীয় শীৰ্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : আজিও উপেক্ষিত স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জিউৰাম

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলত তেল আৰু গেছ খণ্ডৰ সুবিধাসমূহৰ সন্দৰ্ভত আজি গুৱাহাটীত এখন সন্মিলন অনুষ্ঠিত হয় । ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আয়োজন কৰা এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলত তেল আৰু গেছ খণ্ডত থকা অপাৰ সম্ভাৱনাসমূহ আলোকপাত কৰা হয় ৷ সন্মিলনখনৰ পৰিকল্পনা অধিৱেশনত সভাপতিত্ব কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ।

1 lakh crore sanctioned to North East for oil and natural gas projects
তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰকল্পৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ এক লাখ কোটি টকাৰ অনুমোদন

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰি ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ মন্ত্ৰীসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰে ৷ বিভিন্ন ষ্টেকহ’ল্ডাৰসকলেও এই সন্মিলনত উপস্থিত থাকে ৷ সন্মিলনখনত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অন্বেষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷

তেওঁ কয় যে ৰাজ্য চৰকাৰে তেল আৰু গেছৰ প্ৰকল্পসমূহৰ বাবে আগতীয়াকৈ পৰিবেশ সংক্ৰান্তীয় অনুমোদন ওলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে ৰামেশ্বৰ তেলীয়ে কয় যে আগন্তুক দিনসমূহত ভাৰতে শীৰ্ষৰ শক্তি ব্যৱহাৰকাৰী দেশসমূহৰ ভিতৰত অন্যতম হ’ব ৷ শক্তিৰ সুৰক্ষাৰ বাবে তেল আৰু গেছ খণ্ডৰ দ্ৰুত উত্থান হ’ব লাগে আৰু আমদানিৰ ওপৰত নিৰ্ভৰ হ্ৰাস হ’ব লাগে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

লগতে পঢ়ক : সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় : মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.