অসম

assam

Majuli By Election 2022: মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী

By

Published : Feb 15, 2022, 6:45 PM IST

মাজুলীৰ উপ নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল । চিত্তৰঞ্জন বসুমতাৰীক অসম জাতীয় পৰিষদ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ (AJPs Chittaranjan Basumatary to contest from Majuli LAC)। সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ।

Majuli By Election 2022
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী

মাজুলী,১৫ ফেব্ৰুৱাৰী :মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে চিত্তৰঞ্জন বসুমতাৰীক অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে (AJP names Chittaranjan Basumatary for Majuli By-election) । মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে চিত্তৰঞ্জন বসুমতাৰীৰ নাম ঘোষণা কৰে (AJPs Chittaranjan Basumatary to contest from Majuli LAC)। তেওঁ কয় যে মাজুলীৰ উপ নিৰ্বাচনত অসম জাতীয় পৰিষদে কংগ্ৰেছ, ৰাইজৰ দল আৰু বাওঁপন্থী দলসমূহৰ লগত ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব । মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে চিত্তৰঞ্জন বসুমতাৰী কংগ্ৰেছ, ৰাইজৰ দল আৰু বাওঁপন্থী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী ।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত ধেমাজি বিধানসভাৰ পৰা অজাপৰ প্ৰাৰ্থী হিচাপে চিত্তৰঞ্জন বসুমতাৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে মাজুলীৰ উপ নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে চিত্তৰঞ্জন বসুমতাৰী শক্তিশালী প্ৰাৰ্থী । তেওঁ বিজেপি দলৰ জন বিৰোধী নীতিৰ সমালোচনা কৰি কয় যে বিজেপিয়ে মাজুলীবাসীৰ আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে ।

সংবাদমেলত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে । উল্লেখ্য যে চিত্তৰঞ্জন বসুমতাৰী আছুৰ প্ৰাক্তন নেতা আৰু বৰ্তমান অজাপৰ সম্পাদকৰ দায়িত্বত আছে ।

লগতে পঢ়ক :ক'ভিড বিধি প্ৰত্যাহাৰ কৰি খোল খালে ৰাজ্যৰ বিদ্যালয়

ABOUT THE AUTHOR

...view details