অসম

assam

লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 14, 2022, 9:51 PM IST

Protest against Lat Mandal and Land broker at Bihpuria in Lakhimpur
লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

বুধবাৰে লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে অঞ্চলটোৰ ৰাইজে (Protest against Lat Mandal and Land broker) ৷ প্ৰতিবাদী জনতাই সাংবাদিকক জনোৱা অনুসৰি লাট মণ্ডল কিৰণ শইকীয়াই প্ৰকৃত মাটিৰ মালিকৰ অজ্ঞাতে চাৰি বিঘা চাৰি কঠা ১৩ লোচা মাটি নামজাৰি কৰিছে ।

নাওবৈচা, ১৪ ছেপ্টেম্বৰ: যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে, সেই সময়তে লখিমপুৰৰ বিহপুৰীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল কিৰণ শইকীয়াৰ দালাল ৰাজত অতিষ্ঠ হৈ পৰিছে লালুক কৰুণাবাৰীৰ একাংশ জনতা ৷ মণ্ডল কিৰণ শইকীয়াৰ নেতৃত্বত একাংশ ভূ মাফিয়াই ভয় ভাবুকি দি বেলেগৰ ভূমি অন্য ব্যক্তিৰ নামত নামজাৰী কৰাক লৈ জাঙোৰ খাই উঠিছে অঞ্চলটোৰ সাধাৰণ জনতা (Protest at Bihpuria) ।

লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ইতিমধ্যে এই সন্দৰ্ভত অঞ্চলবাসীয়ে লখিমপুৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক লিখিতভাৱে জনাইছে যদিও আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ সেয়েহে বুধবাৰে কৰুণাবাৰীত প্ৰায় শতাধিক জনতাই প্ৰতিবাদ সাব্যস্ত কৰি মণ্ডল আৰু ভূ মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ লগতে শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় (Protest against Lat Mandal and Land broker) ।

প্ৰতিবাদী জনতাই সাংবাদিকক জনোৱা অনুসৰি লাট মণ্ডল কিৰণ শইকীয়াই প্ৰকৃত মাটিৰ মালিকৰ অজ্ঞাতে চাৰি বিঘা চাৰি কঠা ১৩ লোচা মাটি নামজাৰি কৰিছে ।

লগতে পঢ়ক:বিলাসীপাৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা !

ABOUT THE AUTHOR

...view details