অসম

assam

HSLC Paper Leak: পৰীক্ষা বাতিলৰ সিদ্ধান্তই লখিমপুৰত জ্বলাইছে প্ৰতিবাদৰ জুই

By

Published : Mar 13, 2023, 1:50 PM IST

Updated : Mar 13, 2023, 3:48 PM IST

Lakhimpur
Lakhimpur ()

সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা বাবে লখিমপুৰত কেইবাটাও সংগঠনৰ প্ৰতিবাদ । প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against question paper leak at Lakhimpur) । শিক্ষা বিভাগে পৰীক্ষা বাতিল কৰাত বিভাগ তথা শিক্ষা মন্ত্রীৰ পুত্তলিকা দাহ ।

পৰীক্ষা বাতিলৰ তীব্ৰ প্ৰতিবাদ লখিমপুৰত

লখিমপুৰ, ১৩ মাৰ্চ : পুনৰ ছেবাৰ ব্যৰ্থতা । চলিত মেট্ৰিক পৰীক্ষাৰ পূৰ্বতে অংকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা স্থগিত ৰাখিবলগীয়া হয় (SEBA question paper leak 2023) । এইবাৰ আকৌ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ হোৱাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিজ্ঞানৰ পৰীক্ষা বাতিল কৰে (SEBA HSLC question paper leak 2023) ।

যাৰ বাবে লখিমপুৰত কেইবাটাও সংগঠন প্ৰতিবাদমুখৰ হৈ পৰে । প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে শিক্ষা বিভাগে এই সিদ্ধান্ত লোৱা বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জাৰি কৰা জাননীৰ ফলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষা বিভাগ তথা শিক্ষা মন্ত্রীৰ পুত্তলিকা দাহ কৰি সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে (HSLC general science question paper leak) ।

এক কথাত ক'বলৈ হ'লে সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তই জুই জ্বলাইছে লখিমপুৰত । প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে দেওবাৰে মাজনিশা পৰীক্ষা বাতিলৰ সিদ্ধান্ত ঘোষণা কৰাৰ ফলত বহু পৰীক্ষাৰ্থীয়ে নজনাকৈয়ে পৰীক্ষা দিবলৈ আহি পুনৰ ঘূৰি যাবলগীয়া হয় । যাৰ বাবে শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ ফলত ক্ষুদ্ধ হৈ পৰে বিভিন্ন সংগঠন (Protest against question paper leak at Lakhimpur) ।

এই লৈ লখিমপুৰত তিনিটাকৈ সংগঠনে ছেবা, শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে । আছু, অসমীয়া যুৱ মঞ্চ, জাতীয়তাবাদী যুৱ পৰিষদে নগৰৰ বিভিন্ন স্থানত ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে । আনহাতে, পৰীক্ষা এটাকে সুকলমে চলাব নোৱাৰা শিক্ষা বিভাগৰ লগতে ছেবাক ধিক্কাৰ দিয়ে সংগঠন কেইটাই ।

লগতে অসমীয়া যুৱ মঞ্চই মুণ্ডন কাৰ্যৰে প্ৰতিবাদ জনায় । ইয়াৰ উপৰি শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ লগতে ছেবাৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰী সংগঠনসমূহে । কৌশলগতভাৱে অসমীয়া মাধ্যমৰ ওপৰত আক্ৰমণ কৰা বুলি অভিহিত কৰি বিভাগীয় মন্ত্রীক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় । অন্যথা ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰে হুংকাৰ দিয়ে সংগঠনকেইটাই ।

লগতে পঢ়ক :HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

Last Updated :Mar 13, 2023, 3:48 PM IST

ABOUT THE AUTHOR

...view details