অসম

assam

Poor electricity connection : টকা নিদিয়াৰ বাবে গাঁৱত নাই বিদ্যুতৰ খুঁটা; বিপদসংকুলভাৱে ওলমিছে বৈদ্যুতিক তাঁৰ

By

Published : Jun 4, 2023, 2:07 PM IST

Updated : Jun 5, 2023, 1:06 PM IST

Poor electricity connection

বিদ্যুৎ আছে ৷ পৰিবাহী তাঁৰো আছে ৷ কিন্তু নাই বিদ্যুতৰ খুঁটাহে (Poor electricity connection) ৷ যাৰ বাবে গছে-বনে তাঁৰ বান্ধি ভয়াৱহ ৰূপত বিজুলী সংযোগ কৰা হৈছে গাঁওখনত । ক’ত আছে এইখন গাঁও ? সবিশেষ এই প্ৰতিবেদত...

বিপদসংকুলভাৱে ওলমিছে বৈদ্যুতিক তাঁৰ

লখিমপুৰ, 4 জুন :বিকশিত অসমৰ পৰিৱৰ্তনৰ নমুনা । বাঁহৰ খুটা, গছে-বনে বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি আছে এখন গাঁৱত । পৰিৱৰ্তন, বিকশিত অসম আদি শ্ল’গানেৰে ৰাজ্যখনত উন্নয়নৰ ঢাক-ঢোল কোবাই অহা হৈছে যদিও বাস্তৱত কিন্তু ওলোটা প্ৰতিচ্ছবিহে পৰিলক্ষিত হৈছে । বাস্তৱত বহু ক্ষেত্রত এনে উন্নয়নৰ শ্ল’গানক ভেঙুচালি কৰি গাঁৱে ভূঞে চলি আছে বিধ্বস্ত বহু চৰকাৰী বিভাগৰ আঁচনি (Poor electricity connection in Lakhimpur) ।

আমি কৈ থকা গাঁওখন আছে লখিমপুৰ জিলাত ৷ লখিমপুৰৰ বিভিন্ন গ্ৰাম্যাঞ্চলত এতিয়া এনে দৃশ্য সুলভ হৈ পৰিছে । অভিযোগ অনুসৰি, জিলাখনৰ ঐতিহাসিক ঘুনাসূতিৰ চলিচুক বালি চাপৰি গাঁৱৰ এয়া বাস্তৱ চিত্র । অতি বিপদজনক ৰূপত আছে গাঁওখনৰ বিদ্যুৎ সংযোগ ব্যৱস্থা ।

বিদ্যুতৰ খুঁটা নোপোৱাৰ বাবে বাঁহ নাইবা কলগছৰ পৰা আদি কৰি বহু গছৰ ওপৰেৰে অতি ভয়াৱহ ৰূপত বিজুলী সংযোগ কৰা হৈছে এই গাঁওখনত । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, উক্ত অঞ্চলটোত 25 ৰ পৰা 30 ঘৰ মানুহ আছে ৷ কিন্তু প্ৰত্যক ঘৰে আৰ্থিকভাৱে সবল নহয় ৷ সেয়ে বিদ্যুতৰ খুঁটাৰ বাবদ প্ৰত্যেক ঘৰে দিব পৰা নাই 600 টকাকৈ ৷

ঘৰে প্ৰতি 600 টকাকৈ দিব নোৱাৰৰ বাবেই গাঁওখনত বিদ্যুতৰ খুঁটা দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে গছৰ ওপৰেৰে নাইবা বাঁহৰ খুঁটাপুতি বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি অতি বিপদজনকভাৱে ঘৰসমূহত বিজুলী সংযোগ কৰাৰ ব্যৱস্থা কৰিছে । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে স্থানীয় ৰাইজে ৷

ইফালে ঘূণাসূতি চলিচুক বালি চাপৰি গাঁৱৰ এনে উন্নয়নৰ নমুনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন লোকক । কিয়নো যিকোনো মূহুৰ্ততে হ’ব পাৰে ভয়ানক বিপদ ৷ সেয়ে স্থানীয় ৰাইজে তৎকালীনভাৱে অঞ্চলটোৰ বিদ্যুৎ ব্যবস্থা সুচল কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।

লগতে পঢ়ক :Guwahati water supply: আগন্তুক তিনি দিনলৈ গুৱাহাটীৰ ৰাইজে নাপাব পানী

Last Updated :Jun 5, 2023, 1:06 PM IST

ABOUT THE AUTHOR

...view details