ETV Bharat / state

লামডিং-শিলচৰ লাইনেৰে ৰে'ল চলাচল পুনৰ আৰম্ভ - Train services resume

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:07 PM IST

North Eastern Frontier Railway : লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথেৰে ৰে'ল চলাচল পুনৰ আৰম্ভ হৈছে । এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ পিচতেই বন্ধ হৈ পৰিছিল এই সেৱা ।

North Eastern Frontier Railway Authority
লামডিং-শিলচৰ লাইনত ৰে'ল চলাচল
লামডিং-শিলচৰ লাইনত ৰে'ল চলাচল

হাফলং, ২৬ এপ্ৰিল: অৱশেষত ২৮ ঘণ্টাৰ পিচত লামডিং-শিলচৰ লাইনেৰে ৰে'ল চলাচল সুচল হ'ল । বৃহস্পতিবাৰে নিউহাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110/7 কিলোমিটাৰত এখন মালবাহী ৰে'লৰ ইঞ্জিন লাইনচ্যুত হোৱাৰ পিচতে লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'ল চলাচল ব্যাহত হৈ পৰে । ফলত বৃহস্পতিবাৰে উত্তৰ পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই বহুকেইখন ৰে'লৰ যাত্ৰা বাতিল কৰে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই লামডিং ডিভিজনৰ ডিআৰএম আৰু উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয় । নিশা উত্তৰ পূব সীমান্ত ৰে'লৰ মহাপ্ৰৱন্ধক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কামৰ তদাৰক কৰে ।

অৱশেষত যুদ্ধকালীন তৎপৰতাৰে কাম শেষ কৰি শুক্ৰবাৰ দিনৰ ২:৩০ বজাত ৰে'লপথ মুকুলি কৰি দিয়া হয় । ৰে'লকৰ্মীসকলে যুদ্ধকালীন তৎপৰতাৰে ৰে'লপথছোৱা মেৰামতি কৰাৰ পিচতে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষৰ ইঞ্জিনিয়াৰিং বিভাগে ট্ৰেক চাৰ্টিফিকেট প্ৰদান কৰে আৰু নতুন দিল্লী- আগৰতলা তেজচ ৰাজধানী এক্সপ্ৰেছখন পাৰ হৈ যায় । ইয়াৰ কিছু সময় পিচতে শিয়ালদাহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ পাৰ হয় ।

ইপিনে, শুক্ৰবাৰে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা বাতিল কৰাৰ উপৰি ২৭ এপ্ৰিলত 15615 গুৱাহাটী- শিলচৰ এক্সপ্ৰেছ, ২৮ এপ্ৰিল 15612 শিলচৰ -ৰঙিয়া এক্সপ্ৰেছ, ৩০ এপ্ৰিলত 12507 ত্ৰিবান্দ্ৰম-শিলচৰ টিভিচি এক্সপ্ৰেছ ৰে'ল যাত্ৰা বাতিল কৰা হৈছে বুলি ৰেল কৰ্তৃপক্ষই ঘোষণা কৰিছে ।

ইপিনে, 12504 আগৰতলা-বেংগালুৰু কেন্ট হমচফৰ এক্সপ্ৰেছখন ২৭ এপ্ৰিলত আগৰতলাৰ পৰা পুৱা ৫:৩০ বজাৰ পৰিবৰ্তে বিয়লি ৩ বজাত যাত্ৰা কৰিব বুলি সদৰী কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে ।

লগতে পঢ়ক:লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ৰে'ল চলাচল ব্যাহত : বহুকেইখন ৰে'লৰ যাত্ৰা বাতিল - Freight Train Derailed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.