অসম

assam

লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

By

Published : Sep 15, 2022, 7:25 PM IST

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 426 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালৈক গুৰুজনাৰ জন্মস্থান লখিমপুৰতো উদযাপন কৰা হৈছে 426 সংখ্যক তিৰোভাৱ তিথি (Madhavdevs 426th death anniversary observed) ৷

madhavdevs 426th death anniversary observed at Lakhimpur Sattriya Sangeet School
লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

লখিমপুৰ,১৫ ছেপ্টেম্বৰ:আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা অসমীয়া জাতীয় জীৱনৰ দুগৰাকী দিগ দৰ্শন কৰোতা মহাপুৰুষৰ অন্যতম মাধৱদেৱৰ 426 সংখ্যক তিৰোভাৱ তিথি ৷ মহাপুৰুষগৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে (Madhavdevs 426th death anniversary observed) ৷

লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰতো বৃহস্পতিবাৰে পুৱাৰে পৰা বিভিন্ন নামঘৰ, মাধৱদেৱৰ জন্মস্থান আৰু সত্ৰীয়া অনুষ্ঠানত উদযাপন কৰা হৈছে 426 সংখ্যক তিৰোভাৱ তিথি ৷ জিলাখনত আন অনুষ্ঠানৰ লগতে নগৰৰ কে বি ৰোডত থকা লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়তো (Lakhimpur Sattriya Sangeet School) নাম প্ৰসংগ, ভাওনা আদিৰে তিথি পালন কৰা হয় ।

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে সীমিত সংখ্যক ভকত-বৈষ্ণৱৰ অংশগ্ৰহণেৰে নাম প্ৰসংগ কৰাৰ পিছতে প্ৰসাদ বিতৰণৰ অন্তত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমো আয়োজন কৰা হয় ৷ লগতে মহাপুৰুষ দুজনাৰ অন্যতম সৃষ্টি ভাওনাৰো আয়োজন কৰা হয় ৷

কাৰ্যসূচীসমুহ সুচাৰুৰূপে চলাই নিবলৈ অনুষ্ঠানটোৰ শিক্ষার্থী, অভিভাৱক তথা স্থানীয় ৰাইজে সহযোগ কৰে ৷

লগতে পঢ়ক:হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

ABOUT THE AUTHOR

...view details